প্ৰাগজ্যোতিষ বাৰ্তা, ধেমাজিৰ পৰা ললিত শইকীয়া, ১৬ মাৰ্চঃ সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্হাৰ ধেমাজি জিলা সমিতিৰ অষ্টম দ্বি বাৰ্ষিক অধিবেশনখন ধেমাজি ন-আলি ভজুগাওঁ সোণোৱালী ক্ষেত্ৰত শনিবাৰৰ পৰা অনুষ্ঠিত হয়।
তাৰে ১৫ মাৰ্চৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত ,পুৱা সামূহিক চাফাই ,স্বহীদ তৰ্পণ কৰা পৰিলক্ষিত হয়।উল্লেখ্য যে উক্ত সভাতে সোণোৱাল কছাৰীসকলৰ কৃষ্টি-সংস্কৃতি, ভাষা, জাতিৰ ভেতি দৃঢ় কৰাৰ লগতে চৰকাৰ পৰা সোণোৱাল কছাৰী লোকসকলে পাবলগীয়া মৰ্যাদাৰ কথাও আলোচনা কৰা হয়।
১৪আৰু১৫ মাৰ্চত দুদিনিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্হাৰ ধেমাজি জিলা সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিবেশনত উখল-মাখল পৰিবেশে বিৰাজমান। খাদ্য আৰু প্ৰদৰ্শনী মেলাতো বহু লোকৰ সমাগম ঘটিছে।
Facebook Comments