নগাঁও ভাওনা সমাৰোহত শ্ৰেষ্ঠ দল শ্ৰীশ্ৰী বিশ্বম্ভৰদেৱ ব্ৰহ্মচাৰী সত্ৰৰ শিল্পী সমাজ

প্ৰাগজ্যোতিষ বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ১৮ মাৰ্চঃ নগাওঁ নেহৰুবালিত বিগত বৰ্ষৰ দৰে এইবাৰো অনুষ্ঠিত হোৱা নগাঁও ভাওনা সমাৰোহত নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত শ্ৰীশ্ৰী বিশ্বম্ভৰ দেৱ ব্ৰহ্মচাৰী সত্ৰ শিল্পী সমাজে প্ৰথম শ্ৰেষ্ঠ দল হিচাপে সম্মান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷

উল্লেখ্য যে যোৱা ১৪ মাৰ্চ তাৰিখৰ পৰা আৰম্ভ হোৱা নগাঁও ভাওনা সমাৰোহ খন যোৱা কালি সফল সামৰণি পৰিছিল৷

উক্ত ভাওনা সমাৰোহখনত শ্ৰীশ্ৰী বিশ্বম্ভৰদেৱ ব্ৰহ্মচাৰী সত্ৰ শিল্পী সমাজে ‘দূৰ্য্যোধনৰ উৰু ভঙ্গ’ নামৰ অংকীয়া নাটকখনত প্ৰদৰ্শন কৰি শ্ৰেষ্ঠ দল হিচাপে সম্মান লাভ কৰিবলৈ সক্ষম হয়৷

পৰিচালক প্ৰকাশ কলিতা আৰু সহ পৰিচালক শংশাকৰ কলিতাৰ পৰিচালনাত নগাঁও ভাওনা সমাৰোহত তথা প্ৰতিযোগিতা খনত প্ৰৰ্দৰ্শিত কৰা ‘দূৰ্য্যোধনৰ উৰু ভঙ্গ’ অংকীয়া ভাওনাখনত বিভিন্ন চৰিত্ৰত অভিনয় কৰা শিল্পীসকল ক্ৰমে মানসজ্যোতি বৰা,  ধ্ৰুৱজ্যোতি বৰা,  বিতোপন বৰা,  ধীৰাজ কৃষ্ণ শইকীয়া,  সীমান্ত শইকীয়া,  ৰূপম গায়ন,  মাধূৰ্য্য বৰুৱা,  হিমাশু কলিতা,  বিশ্বজিৎ বৰা,  প্ৰাৰ্থজিৎ বৰাা,  স্নহাময় কলিতা আৰু স্নহাময়ী কলিতাকে ধৰি বহুকেইজন শিল্পীয়ে৷

লগতে ভাওনাখনত বাদ্যযন্ত্ৰ তথা খোল তাল আদি বাদ্য সঙ্গত কৰিছিল যতীন শইকীয়া,  ইন্দ্ৰমোহন বৰা,  মোহন শইকীয়া,  ৰণ্টু দাস,  বিকাশ গায়ন,  কুলদীপ শইকীয়া,  প্ৰকাশ কলিতা,  শংশাকৰ কলিতাৰ লগতে বহুকেইজন শিল্পীয়ে৷

উল্লেখ্য যে শ্ৰীশ্ৰী বিশ্বম্ভৰদেৱ ব্ৰহ্মচাৰী সত্ৰৰ শিল্পী সমাজে বিগত দিনত মহাপুৰুষ শংকৰদেৱৰ অপূৰ্ব সৃষ্টি বিভিন্ন অংকীয়া ভাওনা নগাঁও জিলাৰ বিভিন্ন স্থানত প্ৰদৰ্শন কৰি আহিছে৷

যোৱা বৰ্ষতো নগাঁও ভাওনা সমাৰোহখনত শ্ৰেষ্ঠ দলৰ খিতাপ অৰ্জন কৰিছিল শ্ৰীশ্ৰী বিশ্বম্ভৰদেৱ ব্ৰহ্মচাৰী সত্ৰ শিল্পী সমাজে৷

এইবাৰো উক্ত শিল্পী দলটোৱে প্ৰথম শ্ৰেষ্ঠ দল হিচাপে সন্মান লাভ কৰিবলৈ সক্ষম হোৱাত সচেতন মহলে গৌৰৱবোধ কৰাৰ লগতে কলা সংস্কৃতিৰ ক্ষেত্ৰত অনাগত দিনত তেওঁলোক আৰু আগবাঢ়ি যাব পাৰিব বুলি আশা প্ৰকাশ কৰিছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here