অসম নাগৰিক সমাজৰ সংবাদমেলঃ চাৰি বছৰৰ মূৰত বিজেপিৰ প্ৰথম ব্যৰ্থতা-অজিত কুমাৰ ভূঞা

0
11

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ১৮ মাৰ্চঃ ‘ধৰ্মনিৰপেক্ষ সংবিধান’ আৰু গণতন্ত্ৰ ৰক্ষাৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰা নহ’ব৷

‘আগতে সাংবাদিকতাৰে যুঁজ দি আছিলো’ এতিয়া সাংসদৰ ৰুপত যুঁজ দিবলৈ বদ্ধপৰিকৰ৷যোৱা চাৰি বছৰৰ মূৰত বিজেপিৰ প্ৰথম ব্যৰ্থতা৷

এই মন্তব্য ৰাজ্যসভাৰ বিৰোধী দলৰ সমৰ্থিত সাংসদ তথা বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাৰ৷

আজি গুৱাহাটী প্ৰেছ ক্লাৱত অসম নাগৰিক সমাজৰ সংবাদ মেলত উপস্থিত থাকি অজিত কুমাৰ ভূঞাই এই মন্তব্য আগবঢ়াই৷ তেওঁ লগতে কয় যে বিজেপিয়ে বহু অংক কৰিও এইবাৰ ৰাজ্যসভাত সফল হ’ব নোৱাৰিলে৷

বিজেপিয়ে যোৱা চাৰি বছৰত প্ৰথম ব্যৰ্থ হ’ল৷এই ক্ষেত্ৰত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ বিধায়কসকলক ধন্যবাদ ঞ্জাপন কৰে ভূঞাই৷

তেওঁ কা বিৰোধী আন্দোলনকাৰীসকলক একগোট হ’বলৈ আহ্বান জনায়৷

বিৰোধীৰ ঐক্য নহ’লে ২০২১ বিধান সভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰা সম্ভব নহয়৷

বিজেপি ধনবল বাহুবল সকলো দিশত আগবঢ়া সেইবাবে শাসকীয় দল বিজেপিক প্ৰতিহত কৰিবলৈ হ’লে সকলো বিৰোধী ঐক্যবদ্ধ ভাবে আগুৱাব লাগিব৷

মাত্ৰ ১৫ -২০ দিনৰ ভিতৰত যেন এজন ৰাজ্যসভাৰ সাংসদ হ’ব পাৰি সেই কথা ভবাই।

নাছিল বুলি অজিত ভূঞাই উল্লেখ কৰি কয় কা বিৰোধী সংগ্ৰামখন আগবঢ়াই নিয়াৰ স্বৰ্থত কংগ্ৰেছ আৰু এই আই ইউ ডি এফে মোক সমৰ্থন দি ৰাজ্যসভালৈ নিৰ্বাচিত কৰাত সহায় কৰিলে৷

এ আই ইউ ডি এফ সন্দৰ্ভত ভূঞাই কয় জাতীয় জীৱনৰ সমস্যাক লৈ এ আই ইউ ডি এফে বিৰোধ কৰা দেখিবলৈ পোৱা নাই৷

অসম চুক্তি মানি ১৯৭১ চনৰ ২৪ মাৰ্চা ভিত্তীবৰ্ষ মানি লৈছে, সেইক্ষেত্ৰত সাম্প্ৰদায়িক দল হিচাপে মই ব্যক্তিগতভাৱে নেভাবো বুলি ৰাজ্য সভাৰ সাংসদ প্ৰাৰ্থী অজিত কুমাৰ ভূঞাই উল্লেখ কৰে৷

ইপিনে অসম নাগৰিক সমাজৰ উপসভাপতি প্ৰশান্ত ৰাজগুৰু, সাধৰণ সম্পাদক পৰেশ মালাকৰ, সদস্য শান্তনু বৰঠাকুৰ উপস্থিত থাকি অজিত কুমাৰ ভূঞাক শুভেচ্ছা জনায়৷

লগতে কা আন্দোলন ঐক্যবদ্ধভাৱে আগুৱাই নিয়াৰ বাবে সকলো দল সংগঠনৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা অৱগত কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here