বাক্সাৰ তামুলপুৰ মহকুমাধিপতি বিষয়ৰ কাৰ্যলয়ত মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিনা ১৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ণ দাখিল

প্ৰাগজ্যোতিষ বাৰ্তা,বাক্সাৰ পৰা ধীৰজ উপাধ্যায়, ১৯ মাৰ্চঃ অহা ৪ এপ্ৰিলত হ’বলগীয়া বি টি চি পৰিষদীয় নিৰ্বাচনৰ বাবে আজি তৃতীয় তথা অন্তিম দিনাও বিভিন্ন ৰাজনৈতিক দলৰ দ্বাৰা প্ৰক্ষেপিত ১৮ গৰাকী প্ৰাৰ্থীয়ে কেইবা হাজাৰ সমৰ্থকক লগত লৈ তামুলপুৰ মহকুমাৰ কাৰ্য্যলয়ত নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে৷

মননোয়ন পত্ৰ দাখিল কৰে ক্ৰমে ২৬ নং দৰংগাজুলি, ২৭ নং নাগ্ৰীজুলি, ২৮ নং গয়বাৰী, ২৯ নংশুক্লাই চেৰফাং আৰু ৩০ নং গোৰেশ্বৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ক্ৰমে দেবেন বড়ো, ধৰ্মনাৰায়ণ দাস, হেমন্ত ৰাভা, ৰনেন নাৰ্জাৰী আৰু গজেন বড়োই।

এওঁলোকক সংগ দিয়ে অসম চৰকাৰৰ মন্ত্ৰী ক্ৰমে ভৱেশ কলিতা আৰু পিযুষ হাজৰিকাই৷ ইউ পি পি এলৰ ২৬ দৰংগাজুলি সমষ্টিৰ প্ৰাৰ্থী ফনীন্দ্ৰ নাৰ্জাৰী, ২৭ নং নাগ্ৰীজুলি সমষ্টিৰ পৰা সুশীল দাস, ৩০ নং গোৰেশ্বৰ সমষ্টিৰ পৰা পবিত্ৰ বড়োই আজি মনোনয়ন পত্ৰ দাখিল কৰে৷ ২৭ নং নাগ্ৰীজুলি সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাবে মনোনয়ন পত্ৰ দাখিল কৰে ৰবীন্দ্ৰ বালা বিশ্বাস, ৰতন ৰয়, গজেন্দ্ৰ দাস আৰু নীলমণি ৰাজবংশীয়ে।

২৬ নং দৰঙ্গাজুলি আৰু ২৭ নং নাগ্ৰিজুলি পৰিষদীয় সমষ্টিৰ গণ সুৰক্ষা পাৰ্টিৰ বনমালী ৰাভা আৰু ডেনীয়েল মাৰ্ডীয়ে মনোনয়ন পত্ৰ দাখিল কৰে।

২৭ নং নাগ্ৰিজুলি আৰু ৩০ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ পৰা জেচমিনা বেগম আৰু ৰমেশ বড়োৱে মনোনয়ণ পত্ৰ দাখিল কৰে। আনহাতে চি.পি.আই.এম দলৰ পৰা মননোয়ন পত্ৰ দাখিল কৰে কৰুণা কান্ত ভূঞা আৰু ভোটাৰ পাৰ্টিৰ পৰা দিপালী শৰণীয়া বড়োই মননোয়ন পত্ৰ দাখিল কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here