বিজেপিৰ সভাপতি ৰণঞ্জিৎ কুমাৰ দাসৰ ‘জনতাৰ সান্ধ্যআইন’ পালনৰ আহ্বান

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ২০ মাৰ্চঃ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা ক’ৰোণা ভাইৰাচৰ সংক্ৰমনক ৰোধ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোডীয়ে জনোৱা আহ্বানৰ প্ৰতি সহাঁৰি আৰু সমৰ্থন জনাই নিজক আৰু দেশক ক’ৰ’ণাৰ পৰা বচাবলৈ ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে অসম বাসীলৈ আহ্বান জনাইছে।

লগতে বিজেপিৰ কাৰ্যকৰ্তাসকলকো সমাজৰ সকলো শ্ৰেণীৰ লোকক প্ৰধানমন্ত্ৰীৰ আহ্বানক সমৰ্থণৰ বাবে ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে।

“নিজে সু-স্বাস্থ্যৰে থাকিলেহে জগৎ সু-স্বাস্থ্য থাকিব” প্ৰধানমন্ত্ৰীৰ এই মন্ত্ৰৰে ৰাইজৰ মাজত সজাগতাৰ বাবে অভিযান চলাবলৈও সভাপতিগৰাকীয়ে অনুৰোধ জনাইছে।

তাৰোপৰি, অহা ২২ মাৰ্চ, ২০২০ তাৰিখে পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈকে “জনতাৰ সান্ধ্যআইন” পালন কৰিবলৈ ৰাইজক আহ্বান জনাবলৈও কাৰ্যকৰ্তাসকলক আহ্বান জনাইছে।

ডাক্তৰ, নাৰ্চ, পুলিচ, চৰকাৰী কৰ্মচাৰী, সংবাদ কৰ্মীকে ধৰি যিসকল লোকে জৰুৰী সেৱা আগবঢ়াই আহিছে, তেখেতসকলক সন্মান জনাবলৈ ২২ মাৰ্চ ২০২০ তাৰিখেই বিয়লী ৫ বজাত নিজৰ নিজৰ ঘৰৰ পৰাই হাত চাপৰি, হংস আদি বজালৈ সমূহ ৰাইজলৈ আহ্বান জনাইছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here