লংকাৰ কাকিত অবৈধ কাঠৰ মিল জব্দ

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ২০ মাৰ্চঃ হোজাই জিলাৰ কাকী বন বিভাগে বিশেষ সূত্ৰৰ পম খদি অভিযান চলাই অবৈধ কাঠৰ মেইল আৰু প্ৰায় চাৰি লাখ টকাৰ চোৰাং কাঠ জব্দ কৰি কাকি বন বিভাগৰ কাৰ্যালয়লৈ লৈ যায়।

উল্লেখ্য যে বহু দিনৰ পৰাই হোজাই জিলাৰ কাকিৰ বিভিন্ন ঠাইত বন মাফিয়া অবৈধভাৱে কাঠ ফলা মিল বহায় লামডিং বনাঞ্চলৰ পৰা মূল্যবান চেগুন গমাৰি তিতাচাপ আদি গছ কাটি কাকি অঞ্চলত অবৈধ কাঠৰ মিলত কাঠ ফলাই চোৰাং ব্যৱসায় চলাই গৈছে।

কাকি অঞ্চলত অবৈধ কাঠ ফলা মিল থকাৰ কাৰণে লামডিং বনাঞ্চল ধ্বংস হোৱাৰ পথত দেখা গৈছে।

এচাম চোৰাং মাফিয়া নখুটি আৰু কাকি বন বিভাগৰ চকুত ধূলি দি চলাই গৈছে এনে অবৈধ চোৰাং ব্যৱসায়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here