শিৱসাগৰত জনতাৰ কৰ্ফিউৰ প্ৰতি জনসাধাৰণৰ ব্যপক সহাৰি

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ২৩ মাৰ্চঃ নভেল ক’ৰ’ণা ভাইৰাছ সংক্ৰমণৰ প্ৰতিৰোধৰ বাবে ২২ মাৰ্চত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা ‘জনতা সান্ধ্য আইন’লৈ শিৱসাগৰবাসীয়ে ব্যাপক সঁহাৰি জনোৱা পৰিলক্ষিত হয়৷

জনশূন্য হৈ পৰে শিৱসাগৰ নগৰৰ সদাব্যস্ত বাট-পথসমূহ৷

আনফালে গাড়ী চলাচলৰ লগতে ব্যৱসায় প্ৰতিষ্ঠানবোৰো সম্পূৰ্ণৰূপে বন্ধ হৈ থাকে৷

আনহাতে সন্ধিয়া পাঁচ বজাৰ লগে লগে জনসাধাৰণে ডবা-শংখ-হাত চাপৰি আদিৰে ক’ৰ’ণা নিৰ্মূলৰ সংগ্ৰামখনত অবিৰতভাৱে যুঁজ দি থকা স্বাস্থ্যকৰ্মী, আৰক্ষী, সংবাদকৰ্মী আদিৰ প্ৰতি প্ৰশংসা তথা কৃতজ্ঞতা প্ৰদৰ্শন কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here