‘নিয়া’ই চৰকাৰৰ পৃষ্ঠপোষকতাত চৰকাৰৰ স্বাৰ্থৰ বাবে কাম কৰিছে-সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাঃ অসম চৰকাৰে অখিল গগৈলৈ ইমান ভয় কিয় কৰিছে-বীৰ লাচিত সেনা

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ২৩ মাৰ্চঃ অখিল গগৈৰ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ সন্দৰ্ভত সোধাপোচা কৰিবৰ বাবে অসমৰ বিভিন্ন জনলৈ নিয়াই চমন জাৰি কৰিছে।

অখিল গগৈৰ লগত ঘনিষ্ঠ তথা যোগাযোগ ৰক্ষা কৰি চলা প্ৰায় প্ৰতিজন ব্যক্তিলৈ নিয়াই চমন জাৰি কৰিছে।

বিশেষকৈ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি বিষয়ববীয়াসকলক বিশেষভাৱে লক্ষ্য কৰি লৈছে নিয়াই।

২২ মাৰ্চত সংবাদ মাধ্যমৰ সন্মুখত এই গুৰুতৰ অভিযোগ কৰিছে সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পৰশজ্যোতি দাসে৷

শেহতীয়াকৈ শিৱসাগৰ জিলাৰ পৰাশৰ কোঁৱৰলৈ নিয়াই চমন জাৰি কৰাৰ পিছতেই সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰশজ্যোতি দাসে নিজা প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

তিনি মাহে অখিল গগৈক কাৰাগাৰত আৱদ্ধ কৰি ৰাখি “নিয়া”ই কোনো ধৰণৰ প্ৰমাণ অখিল গগৈৰ বিৰুদ্ধে দাখিল কৰিব নোৱাৰিলে।

শেষত মহামান্য নিয়াৰ আদালতে অখিল গগৈৰ জামিন মঞ্জুৰ কৰিলে। কিন্তু পূৰ্ব পৰিকল্পিত অভিসন্ধি অনুসৰি শিৱসাগৰ সদৰ আৰক্ষী থানাৰ নিজাববীয়া এটি গোচৰৰ ভিত্তিত পুনৰ অখিল গগৈক আটক কৰে শিৱসাগৰ আৰক্ষীয়ে।

আনহাতে “নিয়া”ই অখিল গগৈৰ সহযোগী শুভাকাংক্ষীসকলক সোধাপোচা কৰা অব্যাহত ৰাখিছে।

সম্পাদকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰে যে প্ৰকৃততে “নিয়া”ই চৰকাৰৰ পৃষ্ঠপোষকতাত চৰকাৰৰ স্বাৰ্থৰ বাবে কাম কৰিছে।

তেওঁলোকে অখিল গগৈক কাৰাগাৰতে আৱদ্ধ কৰি ৰাখি গগৈৰ সহযোগী, শুভাকংক্ষীসকলক ভিতি প্ৰদৰ্শন কৰাৰ উদ্দেশ্যৰে এই কাৰ্য্ কৰিছে।

লগতে তেওঁ কয়, অখিল গগৈ কাৰাগাৰৰ পৰা মুক্ত হৈ অহাৰ পিছত যাতে তেওঁৰ সহযোগী তথা শুভাকাংক্ষীসকলে অখিল গগৈৰ লগত কোনো ধৰণৰ যোগাযোগ বা সহযোগিতা কৰিব নোৱাৰে পৰোক্ষভাৱে এই ব্যৱস্থা গ্ৰহণ কৰিছে নিয়াই।

প্ৰকৃততে তেওঁলোকে বিজেপি চৰকাৰৰ গোপন নিৰ্দেশ অনুযায়ী কৃষক নেতাগৰাকীৰ সংগ্ৰামী ক্ষেত্ৰখন ধ্বংস কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷

অসমৰ বহু থানাত অখিল গগৈৰ বিৰুদ্ধে ৰুজু হৈ আছে আৰক্ষীৰ নিজাববীয়া গোচৰ। এনেদৰেই এক দীৰ্ঘ সময়ৰ বাবে চৰকাৰে অখিল গগৈক কাৰাৰুদ্ধ কৰি ৰখাৰ অভিসন্ধি কৰিছে আৰু এই সময়খিনিতেই তেওঁৰ সহযোগী তথা শুভাকাংক্ষী সকলক ভিতি প্ৰদৰ্শন কৰি অখিল গগৈৰ সংগ্ৰামী সত্ত্বাটোক হত্যা কৰিব খুজিছে। কিন্তু সেয়া সম্ভৱপৰ নহয়।

চৰকাৰ তথা প্ৰশাসনৰ এনেধৰণৰ কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে দাসে। লগতে কয় যে এনেবোৰ কাৰ্য্যই আচলতে অসমবাসী ৰাইজৰ মনত ক্ষোভৰহে সৃষ্টি কৰিছে।

অখিল গগৈ কাৰাগাৰৰ পৰা মুক্ত হোৱাৰ পিছতেই তেওঁৰ সংগ্ৰামখন পূৰ্বতকৈ দহ গুণ বেছি শক্তিশালী হ’ব বুলিও মত পোষণ কৰে। বিজেপিয়ে উচিত প্ৰত্যুত্তৰ লাভ কৰিব বুলিও সকীয়াই দিয়ে নেতাগৰাকীয়ে।

দেশৰ আইন ব্যৱস্থাৰ প্ৰতি সন্মান জনাই নিৰ্দিষ্ট দিনৰ নিৰ্দিষ্ট সময়ত “নিয়া”ৰ কাৰ্যালয়ত উপস্থিত হৈ নিজৰ দায়িত্ব পালন কৰিব বুলিও ছাত্ৰ মুক্তিৰ পৰাশৰ কোঁৱৰে ব্যক্ত কৰে৷ অসমৰ প্ৰতিটো সংগ্ৰামী সত্ত্বাৰ লগত অনুসূচীত জাতি ছাত্ৰ সন্থা সদায়ে থাকিব বুলি কোৱাৰ লগতে ভৱিষ্যতৰ ঐক্যবদ্ধ সংগ্ৰাম দৃঢ় হ’ব বুলি স্পষ্ট কৰি দিয়ে।

আনফালে বীৰ লাচিত সেনা, অসমৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে, অসম চৰকাৰে কৃষক নেতাগৰাকীলৈ ইমান ভয় কৰাৰ কাৰণ কি..? বাৰাম্বাৰ অখিল গগৈক মানসিকভাৱে অত্যাচাৰ কৰা অসম চৰকাৰখনক কিন্তু আগন্তুক ২০২১ ৰ নিৰ্ব্বাচনত অসমৰ জনগণে কেতিয়াও ক্ষমা নকৰে বুলিও চলিহাই উল্লেখ কৰে ৷ আনহাতে ৩০ দিনৰ ভিতৰত কৃষক নেতাগৰাকী মুকলি আকাশৰ তললৈ আহিব বুলিও তেওঁ আশা ব্যক্ত কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here