শিৱসাগৰ বাৰোৱাৰী পূজা সমিতিৰ প্ৰাক্তন সভাপতি ৰজত চন্দ্ৰ শৰ্মা বৰুৱাৰ মৃত্যুঃ অনুষ্ঠান-প্ৰতিষ্ঠানৰ শোক

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ২৩ মাৰ্চঃ শিৱসাগৰ নগৰৰ পুৰণা আমোলাপট্টিৰ ইন্দু ফুকন পথৰ নিৱাসী বিশিষ্ট ধৰ্মপ্ৰাণ ব্যক্তি,লেখক তথা কবি ৰজত চন্দ্ৰ শৰ্মা বৰুৱা(৮০)ৰ বাৰ্ধক্যজনিত কাৰণত নিজা বাসগৃহত পৰলোকপ্ৰাপ্তি হয়৷

তেওঁ কিছুদিনৰ পৰা অসুস্থ হৈ আছিল৷ ৰজত চন্দ্ৰ শৰ্মা বৰুৱা শিৱসাগৰ বাৰোৱাৰী পূজা সমিতিৰ লগত বিশেষভাৱে জড়িত থকাৰ লগতে বিগত সময়ত সমিতিৰ সভাপতি আৰু সম্পাদকৰ দৰে পদো অলংকৃত কৰিছিল৷

আনহাতে তেওঁ শিৱসাগৰৰ সনাতন ধৰ্ম নামঘৰ আৰু কালীবাৰী কালীমন্দিৰৰ সক্ৰিয় সদস্য আছিল৷

মৃত্যুৰ সময়ত তেওঁ পত্নী, তিনিজন পুত্ৰ, বোৱাৰী, নাতি-নাতিনীসহ বহু আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়৷

আনফালে তেওঁৰ মৃত্যুত বাৰোৱাৰী পূজা সমিতি, সনাতন ধৰ্ম নামঘৰ সমাজ, কালীমন্দিৰ, সমন্বয় সাংস্কৃতিক গোষ্ঠী, শিল্পী সমাজ-অসম শিৱসাগৰ, শিৱসাগৰ জিলা সাধাৰণ জাতি বিকাশ পৰিষদকে আদি কৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here