ক’ৰ’ণা সংক্ৰমণ ৰোধৰ বাবে জনতা কৰ্ফিউত সমগ্র দেশৰ লগতে হোজাই জিলাৰ লংকাৰ ৰাজপথো হৈ ৰ’ল জনশূন্য

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ২৩মাৰ্চঃ প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোডীযে আহ্বান জনোৱা জনতা কাৰ্ফিউৰ প্ৰভাৱ আশাপ্ৰদবাৱেই পৰিল লংকা চহৰত।

হোজাই জিলাৰ লংকাত সমূহ ব্যৱসায় প্ৰতিষ্ঠান বন্ধ থকাৰ লগতে যান-বহন আৰু সাধাৰণ ৰাইজ ঘৰৰ পৰাও ওলাই অহা নাছিল কাৰ্ফিউৰ সময়চোৱাত।

সকলোৱে কৰ্মব্যস্ততা ত্যাগ কৰি যুঁজ দিয়াৰ পণ ল’লে মাৰাত্মক ক’ৰ’ণাৰ বিৰুদ্ধে।


লংকাৰ ষ্টেচন পথ, লংকা হোজাই পথ, লংকা নগাওঁ পথ, বজাৰ সকলো জনশূন্য হৈ ৰ’ল ২২ মাৰ্চৰ পূৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here