ক’ৰ’ণাৰ সুযোগ লৈ তৎপৰ অসাধু ব্যৱসায়ীঃ লংকাৰ কাকী আই লাভ চেন্টাৰ বজাৰত বিক্ৰী ক’ৰ’ণাৰ প্ৰতিষেধকঃ আৰক্ষীৰ জালত দুই অসাধু ব্যৱসায়ী

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ২৩মাৰ্চঃ মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ সুযোগ গ্ৰহণ কৰি সমগ্ৰ ৰাজ্যতে এচাম অসাধু ডাক্তৰ ৰূপী অসাধু ব্যৱসায়ীয়ে প্ৰবঞ্চনাৰ জাল পেলোৱা পৰিলক্ষিত হৈছে।

তেনে দুজন অসাধু ব্যৱসায়ীৰ তৎপৰতাত ‘ক’ৰ’ণাৰ প্ৰতিষেধক হিচাপে Arsenic Album 30 ক ক’ৰণা ভাইৰাছৰ প্ৰতিষেধক বুলি প্ৰচাৰ চলাই এটোপাল ঔষধৰ বিনিময়ত ১৫০টকাকৈ সংগ্ৰহ কৰি ভালেসংখ্যক লোকক প্ৰবঞ্চনা কৰে এই ব্যৱসায়ী কেইজনে।

উত্তম ৰয় আৰু ৰাম ছৱট চৌহান নামৰ দুই অসাধু ক’ৰ’ণাৰ ভূৱা প্ৰতিষেধক বিক্ৰেতা দুজনক অৱশেষত কালি কাকী আৰক্ষীয়ে আটক কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here