প্ৰশাসনৰ নিৰ্দেশক অমান্য কৰি মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত বুৰুঙ্গাতলীত বহিল বজাৰ

0
11

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ২৩মাৰ্চঃ বিশ্বজুৰি ক’ৰ’ণাৰ আতংক।

ক’ৰণাৰ বাবে যি সময়ত হোজাই জিলা প্ৰশাসনে জিলাখনৰ সমূহ সপ্তাহিক বজাৰ বন্ধ কৰাৰ নিৰ্দেশ দিছিল, তেনে সময়তেই প্ৰশাসনৰ নিৰ্দেশক অমান্য কৰি মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত বুৰুঙ্গাতলীত দেখা গ’ল আন এক ছবিহে।

বুৰুঙ্গাতলীত বৰ্তমান চলি আছে সপ্তাহিক বজাৰ। হাতে হাতে মোনা লৈ ৰাইজ ব্যস্ত বজাৰ কৰাত।

বৰ্তমান মোৰাঝাৰ আৰক্ষী বজাৰত উপস্হিত হৈ বন্ধ কৰিবলৈ নিৰ্দেশ দিছে সপ্তাহিক বজাৰখন।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here