ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি যুগল গগৈলৈ ‘নিয়াৰ’ চমন

0
21

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া, ২৩মাৰ্চঃ ‘কা’ আন্দোলনত নেতৃত্বত প্ৰদান কৰা বাবে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতি উপ-সভাপতি যুগল গগৈ লৈ আহিছে ‘নিয়াৰ’ চমন৷

২০ মাৰ্চত WhatsApp যোগে চমন জাৰি কৰি ২৫ মাৰ্চত গুৱাহাটীস্থিত সোণাপুৰ মুখ্য কাৰ্যালয়ত পুৱা ১০:৩০ বজাত উপস্থিত হোৱাৰ এক নিৰ্দেশ দিয়ে ‘নিয়াই’।

১৬০ নং ধাৰাৰ অধীনত Rc 13/2019 ভাৰতীয় দণ্ডবিধিৰ 120B/124A/153B/ আৰু UA(P) আইন 18/39 গোচৰ ৰুজু কৰি এক চমন জাৰি কৰে৷

উল্লেখ্য যে শাসনাধিষ্টিত চৰকাৰে ‘কা’ বিৰোধী সংগ্ৰামী নেতাসকলক দমন কৰিবৰ বাবে এনে কৌশল প্ৰয়োগ কৰিছে বুলি ধেমাজি জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়াই ক্ষোভ প্ৰকাশৰ কৰে।

দেশৰ স্বয়ং প্ৰধানমন্ত্ৰীগৰাকীয়ে জনতাৰ কাৰফিউ দৰে বন্ধ ঘোষণা কৰিবলগীয়া হোৱা প্ৰতিকুল পৰিস্থিতিৰ সময়তো নিয়াৰ উপ-আৰক্ষী অধীক্ষক জে এছ ৰাউতাল স্বাক্ষৰিত চমনকলৈ এতিয়া সচেতন মহলতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here