ক’ৰ’ণা ভাইৰাছক প্ৰতিৰোধৰ বাবে মাজবাটত জনতা কাৰ্ফিউলৈ ৰাইজৰ ব্যাপক সহাৰি

0
11

প্ৰাগজ্যোতিষ বাৰ্তা, মাজবাটৰ পৰা যতীন নাথ, ২৩ মাৰ্চঃ দেশত ক’ৰ’ণা ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ দেশবাসীক আহ্বান জনোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায় ২২ মাৰ্চ দেওবাৰে সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰি জিলাৰ মাজবাটত জনতা কাৰ্ফিউৰ প্ৰতি ৰাইজে ব্যাপক সহাৰি জনোৱা দেখা যায়।

পুৱাৰ পৰাই চৰকাৰী-বেচৰকাৰী যান-বাহন চলাচল বন্ধ হয়।

ইফালে মাজবাট ৰে’লৱে ষ্টেচনতো মানুহৰ সমাগম জনশূন্যত পৰিণত হয়।

লগতে ব্যৱসায়িক দোকান- পোহাৰ সম্পূৰ্ণৰূপে বন্ধ থকাৰ উপৰিও মাজবাট এলেকাৰ সাতখন চাহ বাগিচা আজি দিনটোৰ বাবে বন্ধ ৰাখে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here