ক’ৰ’ণাক লৈ বিশ্বজোৰা আতংকঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানৰ প্ৰতি ব্যপক সহাৰি গুৱাহাটীৰ জনতাৰঃ জনশূন্য ৰাজপথ

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা মনোজ ডেকা, ২৩ মাৰ্চঃ বিশ্বত সন্ত্ৰাসৰ সৃষ্টি কৰা ক’ৰ’ণা ভাইৰাছে বিশ্বৰ কেইবাখনো উন্নত দেশক সংক্ৰামণেৰে বিধ্বস্ত কৰাৰ পিছত ভাৰতবৰ্ষতো চৰকাৰী হিচাপ মতে আজিলৈকে ৪৩৩ জন লোক ইতিমধ্যে ক’ৰ’ণাত আক্ৰান্ত হৈছে৷

যাৰবাবে কেন্দ্ৰীয় চৰকাৰৰ লগতে ৰাজ্যচৰকাৰেও যাঠেষ্ট সাবধনতা অৱলম্বন কৰা দেখিবলৈ পোৱা গৈছে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক ২২মাৰ্চৰ দিনটো জনতাৰ কাৰ্ফিউ হিচাপে পালন কৰিবলৈ আহ্বান জনাইছিল৷

দিনটোত পুৱা ৫ বজাৰ পৰা নিশা ৯ বজা প্ৰৰ্যান্ত জনসাধৰণে ঘৰতে থাকি জনতা কাৰ্ফিউ পালন কৰিবলৈ আবেদন কৰিছিল৷

ইয়াৰ সমান্তৰালভাৱে এই সময়ছোৱাতো অতি ব্যস্ততাৰে চিকিৎসক, নাৰ্চ, আৰক্ষী, সংবাদ জগতৰ ব্যক্তিসকলে নিজৰ দায়িত্ব পালন কৰি আছে, সেইবাবে সন্ধিয়া পাঁচ বজাত শব্দ ধ্বনিৰে অভিবাদন জনাবলৈ দেশবাসী জনসাধাৰণক আহ্বান জনাইছিল দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে৷

ইয়াৰ পৰিপেক্ষিতত আজি পুৱাৰ পৰা গুৱাহাটীৰৰ ৰাজপথ শূন্য দেখিবলৈ পোৱা গৈছে৷

জনসাধাৰণৰ স্বতঃস্ফূৰ্ত জনতা কাৰ্ফিউয়ে মহানগৰীৰ জনজীৱন সম্পূৰ্ণ স্তব্ধ কৰি তোলে৷

এইক্ষেত্ৰত জনসাধাৰণে যে এই মাৰত্মক ভাইৰাছ ক’ৰ’ণাৰ বিষয়ে কিছু পৰিমানে হ’লেও বুজি পাইছে সেয়া ২২ মাৰ্চৰ জনতা কাৰ্ফিউৰ প্ৰতিছব্বিয়ে অৱগত কৰে৷

ইয়াৰ বাবে ৰাজ্যচৰকাৰে বাৰে বাৰে জনসাধাৰণক সজাগ কৰিবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে৷কিয়নো ক’ৰ’ণা ৰোধৰ একমাত্ৰ উপায় সাৱধনতা৷

সেইবাবে প্ৰতিগৰাকী ব্যক্তি এক মিটাৰ দুৰত্বত অবস্থান কৰিব লাগে, মুখত মাস্ক পৰিধান কৰিব লাগে, চাবোনৰে হাত পৰিস্কাৰ কৈ ধুব লাগে৷

হাত ভালদৰে পৰিস্কাৰ নকৰাকৈ চকু, কাণ, মুখত লগাব নালাগে।

এনেকুৱা সাৱধনতা অৱলম্বন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্যচৰকাৰে সমূহ জনসাধাৰণক আহ্বন জনাই আহিছে৷

ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত অভূত্পূৰ্বভাৱে বন্ধ হৈ পৰে দোকান, ব্যৱসায় প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, গাড়ী-মটৰ, পেট্ৰল পাম্পকে ধৰি সকলো৷

জনসাধৰণে নিজে নিজৰ সুৰক্ষাৰ স্বাৰ্থত ঘৰৰ পৰা বাহিৰলৈ নোলাই জনতা কাৰ্ফিউ ব্যপক ৰূপত পালন কৰা দেখিবলৈ পোৱা যায়৷

পূৰ্বৰ সকলো বন্ধৰ অভিলেখ ভংগ কৰি জনসাধৰণে পালন কৰিলে প্ৰধানমন্ত্ৰী মোডীয়ে আহ্বান জনোৱা ২২ মাৰ্চৰ জনতা কাৰ্ফিউ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here