চামগুৰিত ক’ৰ’ণা ভাইৰাছৰ সম্পৰ্কত  জুৱাৰ ‘সজাগতামূলক ক্ষেত্ৰ যাত্ৰা’

0
15

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ২৩ মাৰ্চঃ জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আসাম(জুৱা)ৰ কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত তথা চামগুৰি আৰক্ষী প্ৰশাসন আৰু চামগুৰি গেছ এজেঞ্চি, ভাৰত গেছৰ সহযোগত বিশ্বজুৰি আতংকময় পৰিস্থিতি সৃষ্টি কৰা ক’ৰ’ণা ভাইৰাছৰ বাবে জনসাধাৰণক সজাগ-সচেতন কৰাৰ লগতে ভাইৰাছৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত ল’বলগা সাৱধানতা সন্দৰ্ভত ২১ মাৰ্চত ‘সজাগতামূলক ক্ষেত্ৰ যাত্ৰা’ নামেৰে এক কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়৷

উক্ত দিনা চামগুৰি আৰক্ষী নিৱেশত দিনৰ ১১ বজাত সজাগতামূলক ক্ষেত্ৰ যাত্ৰাৰ বাবে জুৱাৰ কলিয়াবৰ জিলা সমিতিৰ সভাপতি নীলৰঞ্জন শৰ্মা, সম্পাদক দিগন্ত ভূঞা, উপদেষ্টা নৱজ্যোতি বৰা, কাৰ্য্যকৰী সদস্য ভাৰ্গৱ হাজৰিকা, নয়নমনি বৰা, বিদ্যুতজ্যোতি বৰা প্ৰমুখ্যে সাংবাদিকসকলৰ লগতে চামগুৰি গেছ এজেঞ্চি, ভাৰত গেছৰ পৰিচালক পৱন কুমাৰ বৰা সহ কৰ্মচাৰীসকল সমৱেত হয়৷

পৰৱৰ্তী সময়ত চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণকান্ত দলৈয়ে উপস্থিত সকলোৰে হাত ধোৱাই সজাগতামূলক ক্ষেত্ৰযাত্ৰাৰ শুভাৰম্ভ কৰাৰ লগতে চামগুৰি সমষ্টিৰ ভিতৰুৱা অঞ্চলসমূহৰ ৰাইজক সজাগ-সচেতন আৰু সাৱধানতা অৱলম্বন কৰোৱাৰ উদ্দেশ্যে যাত্ৰা আৰম্ভ কৰা দলটোক শুভেচ্ছা জ্ঞাপন কৰে৷

জুৱা, কলিয়াবৰ জিলা সমিতিৰ সভাপতি, সম্পাদক ক্ৰমে নীলৰঞ্জন শৰ্মা, দিগন্ত ভূঞা, ভাৰত গেছ এজেঞ্চিৰ পৰিচালক পৱন বৰা, ভাস্কৰজ্যোতি দাসৰ নেতৃত্বত যোৱা দলটোৱে এখন বিশেষ বাহনেৰে বঢ়মা, কাৱৈমাৰী, মাগুৰমাৰী, শিৱস্থান, কনুৱামাৰী, সোণাৰিবালি, টেকেলিপুটাকে ধৰি চামগুৰিৰ ভিতৰুৱা অঞ্চলবোৰ পৰিভ্ৰমণ কৰি বিশ্বজুৰি আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰা ক’ৰ’ণা ভাইৰাছৰ সতৰ্কতামূলক ব্যৱস্থাসমূহ অৱগত কৰি এক জনসচেতনতাৰ সৃষ্টি কৰাৰ লগতে প্ৰচাৰ পত্ৰিকাও বিতৰণ কৰা পৰিলক্ষিত হয়৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here