ব্যতিক্ৰমী সাহিত্যানুষ্ঠান ‘আৰোহণ সাহিত্য চ’ৰা’ৰ মাহেকীয়া বৈঠক সম্পন্ন

সমগ্ৰ বিশ্ব ব্যাপি সন্ত্ৰাসৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছে মানৱ জাতিক ত্ৰাসিত কৰি থকাৰ সময়তে সকলো বাধা অতিক্ৰম কৰি সাহিত্য জগতৰ অমৃত ৰসলৈ ধাবমান হোৱাৰ পৰা বিৰত থাকে নৱগঠিত সাহিত্যনুষ্ঠান ‘আৰোহণ সাহিত্য চ’ৰা’। ব্যতিক্ৰমী সাহিত্যানুষ্ঠান ‘আৰোহণ সাহিত্য চ’ৰা’ৰ মাহেকীয়া বৈঠকখন চলিত মাহৰ দ্বিতীয়টো দেওবাৰে চানমাৰিস্থিত বামুনীমৈদাম নৈশ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুস্থিত কৰা হয়।

বৈঠকৰ আৰম্ভণিতে সাহিত্যানুষ্ঠানৰ স্থায়ী সভাপতি শ্ৰীযুত কুশেশ্বৰ বৰাই এটি বৰগীতেৰে সভাৰ আৰম্ভণি কৰে। শ্ৰীযুত কুশেশ্ব বৰাৰ সভাপতিত্বত সভাৰ কাৰ্যসূচী অনুসৰি যোৱা মাহৰ বৈঠকৰ সম্পূৰ্ণ কাৰ্যবিৱৰণী পাঠ কৰে সম্পাদক দীপিকা দেৱী কলিতাই। ইয়াৰ পিছতে সভাৰ উদ্দেশ্যে ব্যাখ্যা আগবঢ়াই সভাপতি কুশেশ্বৰ বৰাই। সভাৰ নিৰ্দিষ্ট নিয়ম অনুসৰি প্ৰতি বৈঠকতে পাঠ কৰাৰ দৰে সভাখনত সাহিত্য পাঠ অনুষ্ঠানত মহান কবি,সাহিত্যিক তথা নেতা পাবলো নেৰুদাৰ জীৱনীমূলক এটি প্ৰৱন্ধ পাঠ কৰে পত্ৰিকা সম্পাদক শ্ৰী অশ্বিনী গগৈয়ে। লগতে এটি গল্প পাঠ কৰে মীৰা দেবীয়ে।

অনুষ্ঠানটিৰ কাব্যানুষ্ঠানত কবিতা পাঠ কৰে দীপিকা দেৱী কলিতাৰ কবিতা প্ৰয়াস, ৰূপজ্যোতি দাসৰ কবিতা কবিতা, পলি বনিক্যৰ কবিতা। ইয়াৰ লগতে উপস্থিত সকলৰ সন্মুখত উপদেষ্ঠা শিক্ষক শ্ৰীযুত বাবুল কলিতাই সমসাময়িক পৰিৱেশ, অতীতৰ ধৰ্মনীতিৰ পৰা বৰ্তমান সময়ৰ ৰাজনীতিৰ পাকচক্ৰত আমি আৰু আমাৰ সমাজ ব্যৱস্থাৰ ওপৰতো বিশেষ সাৰগৰ্ভ বক্তব্য ৰাখে। সকলোবোৰ বিষয়বস্তৰ ওপৰতে সভাপতি শ্ৰীযুত কুশেশ্বৰ বৰাই অতি সুন্দৰকৈ বিশ্লেষণ আগবঢ়াই।

কবিতা এটাই কিদৰে কবিৰ কাষৰ পৰা গৈ সৰ্বসাধাৰণজনৰ পৰা বিজ্ঞজনলৈকে সমাজৰ সকলোবোৰ দিশ উপস্থাপন কৰিব পাৰে আৰু কিদৰে কবিতা এটাই সাময়িক প্ৰেক্ষাপটৰ কথাবোৰ প্ৰকাশ কৰিব পাৰে তাৰ ওপৰতো আলোকপাত কৰে। বৰ্তমান সমাজৰ একক পৰিয়ালকেন্দ্ৰিক হোৱাৰ ফলত আজিৰ সমাজ ব্যৱস্থা, সাহিত্যৰ ক্ষেত্ৰত আমাৰ কৰণীয় দ্বায়িত্ব, গল্প, কবিতা, প্ৰৱন্ধ এটাই আমাক কি কি ৰুচি দিব পাৰে, মহৎ লোকৰ জীৱনপঞ্জীৰ টোকাৰ পৰা অৰ্থাৎ উক্ত দিনত পাঠ কৰা মহান পণ্ডিত কবি পাবলো নেৰুদাৰ জীৱন কাহিনীয়ে বহুবোৰ নজনা কথা আজি জানিবলৈ দিয়ে বুলি উল্লেখ কৰে। বৈঠকৰ সামৰণিত সভাপতি কুশেশ্বৰ বৰাই শলাগৰ শৰাই আগবঢ়োৱাই সভাৰ সামৰণিত অসমৰ জাতীয় সংগীত পৰিৱেশনেৰে বৈঠকখনি সামৰণি মৰা হয়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here