লক ডাউনৰ সুবিধা লৈ অসাধু ব্যৱসায়ীৰ সামগ্ৰীৰ দাম বৃদ্ধিঃ শিলপুখুৰীত ৰাইজৰ অভিযোগত শাক পাছলিৰ দোকান বন্ধ কৰিলে আৰক্ষীয়ে

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ২৪ মাৰ্চঃ আজি সন্ধিয়া ৬ বজাৰ পৰা ৩১ মাৰ্চ প্ৰৰ্যান্ত সমগ্ৰ ৰাজ্যতে প্ৰয়োগ হ’ব লক্ ডাউন৷

বিশ্ব সন্ত্ৰাস ক’ৰ’ণা ভাইৰাছৰ বিৰুদ্ধে এই পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। ইয়াৰে সুযোগ গ্ৰহণ কৰি এচাম অসাধু ব্যৱসায়ে ৰাতিটোৰ ভিতৰতে দাম বৃদ্ধি কৰিলে অত্যাৱশ্যকীয় সামগ্ৰীৰ৷

অতি আচৰিত, সোমবাৰে দুপৰীয়াৰ ভাগত যি পৰিমানৰ দাম আছিল তাৰ তুলনান আজি শাকপাচলি বজাৰত দুগুণ বৃদ্ধি পোৱা দেখিবলৈ গৈছে৷

ইয়াৰ বাবে মহানগৰীৰ শিলপুখুৰীৰ একাংশ ব্যৱসায়ীয়ে দুগুণ মূল্য বৃদ্ধি কৰাক লৈ সাধাৰণ ৰাইজে জাঙুৰ খাই পৰিছে৷

ৰাইজৰ অভিযোগৰ ভিত্তিত চানমাৰি আৰক্ষীয়ে শাক পাছলিৰ দোকন বন্ধ কৰি দিলে৷ অতি আশ্চৰ্যৰ বিষয় যে সোমবাৰে আলু প্ৰতি কিলো ২০ টকা, পিয়াজ ৩০ টকা, বন্ধাকবি ২০ টকা, ফুলকবি ৩০, বিলাহী ২০ টকা, ৰঙালাও ৩০ টকা, জলকীয়া ১০০ টকা, পটল ১২০ টকাৰ বিপৰীতে আজিৰ বজাৰত আলু ৩০ টকা, পিয়াজ ৫০ টকা, বন্ধা কবি ৫০ টকা, ফুলকবি ৬০ টকা, বিলাহী ৭০ টকা, জলকীয়া ২০০ টকা, ৰঙালাও ৫০ টকা দৰত বিক্ৰী হৈছে মহানগৰীৰ বজাৰত ৷

এদিনৰ ভিতৰত এচাম ব্যৱসায়ে এনেদৰে শাকপাচলি মূল্যবৃদ্ধিৰ কৰাৰ বাবে সাধাৰণ ৰাইজ যঠেষ্ট অসুবিধাৰ সন্মুখীন হৈছে৷

এই ক্ষেত্ৰত ৰাজ্যৰ যোগান বিভাগ, জিলা প্ৰশাসনৰ কোনো ব্যক্তি বজাৰত উপস্থিত দেখা পোৱা নাই৷

সাধাৰণ ৰাইজৰ অভিযোগ চৰকাৰে শীঘ্ৰেই এনেকুৱা দুষ্ট প্ৰবৃতিৰ ব্যৱসায়ীসকলক নাকী লগওক৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here