ফেচবুকত কৈৱৰ্ত্তসকলৰ প্ৰতি অপমানসূচক মন্তব্য কৰি অনুসূচীত জাতি ছাত্ৰ সন্থাৰ ৰোষত পৰিল শিৱসাগৰৰ যুৱক

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ২৪ মাৰ্চঃ মাজুলীৰ এজন যুৱক, নাম ৰাজীৱ শৰ্মা৷

তেওঁ বৰ্তমান ব্যৱসায়সূত্ৰে শিৱসাগৰৰ বাসিন্দা৷ দুদিনমানৰ আগত তেওঁ অসমৰ কৈৱৰ্ত্তসকলৰ প্ৰতি এক অপমানসূচক মন্তব্য ফেচবুকত প্ৰকাশ কৰিছিল।

যাৰ ফলত সমগ্ৰ অসমৰ কৈৱৰ্ত্তসকল ক্ষোভিত হৈ পৰিছিল। সামাজিক মাধ্যমত তেওঁৰ এই মন্তব্যৰ বাবে সৰৱ চৰ্চা চলিছিল।

উক্ত মন্তব্যৰ আলম লৈয়ে ২৩ মাৰ্চত অনুসূচীত জাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পৰশ জ্যোতি দাস আৰু শিৱসাগৰ জিলা সমিতিৰ সভাপতি মাধূৰ্য্য মতিক্য দাসে তেখেতৰ লগত আলোচনা কৰে।

আলোচনাৰ অন্তত ৰাজীৱ শৰ্মা নামৰ ব্যক্তিজনে নিজৰ ভুল বুজিব পাৰে আৰু তাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিবলৈ প্ৰস্তুত বুলি স্বীকাৰ কৰে।

শেষত শিৱসাগৰৰ শিৱদ’লৰ সন্মুখত ৰাজীৱ শৰ্মাই ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ যাম বুলি কয় আৰু তেওঁ ক্ষমা খুজিবলৈ যাওঁতেই এক অবাঞ্চিত পৰিবেশৰ সন্মুখীন হয় যদিও সেয়া সংগঠনটিৰ তৎপৰতাত শাম কাটে।

শেষত সমগ্ৰ অসমৰ অনুসূচীত জাতি ৰাইজৰ ওচৰত ব্যক্তিজনে ৰাজহুৱাভাৱে ক্ষমা বিচাৰে।

অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰশ জ্যোতি দাসে কয় যে অনুসূচীত জাতি ছাত্ৰ সন্থাই অনুসূচীত জাতিক লৈ কৰা অপমান কোনো কাৰণতে সহ্য নকৰে।

ৰাজীৱ শৰ্মাই নিজৰ ভুল বুজি পাইছে আৰু ক্ষমাও বিচাৰিছে। গতিকে তেওঁক ক্ষমা কৰি দিবলৈ সকলোকে আহ্বান জনাইছে।

তেওঁ লগতে উল্লেখ কৰিছে যে এনেধৰণৰ নীচ মানসকিতাৰ বাবে আজিও অসমীয়া একত্ৰিত হ’ব পৰা নাই।

আজি অসমীয়া একত্ৰিত হৈ জীয়াই থকাৰ স্বাৰ্থতে ৰাজীৱ শৰ্মাক ক্ষমা কৰা হৈছে বুলিও মন্তব্য কৰে।

এই নীচ মানসিকতাবোৰ আতঁৰ কৰিবলৈ সকলোকে সকীয়াই দিছে।

ভৱিষ্যতে কোনো লোকে এনে ভুল কৰিলে প্ৰত্যেকবাৰেই সন্থাই এনেদৰে ক্ষমা কৰি নাথাকে বুলিও স্পষ্ট কৰি দিয়ে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here