মাজবাট সাপ্তাহিক মঙলবৰীয়া বজাৰঃ প্ৰশাসনৰ নিৰ্দেশ অমান্য কৰি মহলদাৰে বহালে বজাৰঃ আৰক্ষীৰ ব্যৱস্থা গ্ৰহণ

প্ৰাগজ্যোতিষ বাৰ্তা,মাজবাটৰ পৰা যতীন নাথ, ২৪ মাৰ্চঃ সমগ্র বিশ্বতে মহামাৰীৰ ৰূপ লোৱা ক’ৰ’ণা ভাইৰাছ সংক্ৰমণ ৰোধ কৰাৰ বাবে অসম চৰকাৰে ৰাজ্যৰ চেলুন, বিউটি পাৰলাৰ, চপিং মল, সাপ্তাহিক বজাৰ আদি বন্ধ ৰাখিছিল।

তেনে সময়তে আজি মাজবাটৰ মঙলবৰীয়া সাপ্তাহিক বজাৰখনত একাংশ পাচলি বেপাৰীয়ে বজাৰ অনুষ্ঠিত কৰাকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, মাজবাট খণ্ড উন্নয়ন কাৰ্যালয় এলেকাৰ মাজবাটস্থ সেনা শিবিৰৰ সমীপত থকা মঙলবৰীয়া সাপ্তাহিক বজাৰখন আজি ৰাতিপুৱা প্ৰশাসনৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই মহলদাৰ টাইগাৰ লিম্বুয়ে বজাৰখন অনুষ্ঠিত কৰে।

বজাৰ বহাৰ লগে লগে শ শ গ্ৰাহকে পাছলি কিনাৰ বাবে বজাৰখনত ভিৰ কৰে আৰু পাছলি কিনে।

ইতিমধ্যে বজাৰখনৰ মহলদাৰ টাইগাৰ লিম্বুয়ে ব্যবসায়ীসকলৰ পৰা খাজনাও সংগ্ৰহ কৰিছিল।

তেনেসময়তে মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজা ইৰ্চাদৰ নেতৃত্বত এটা আৰক্ষীৰ দল গৈ বজাৰখন ততালিকে উচ্ছেদ কৰে আৰু গ্ৰাহকসকলক বজাৰৰ পৰা খেদি পঠিয়াই।

ইফালে বজাৰলৈ আৰক্ষী যোৱাৰ খৱৰ পায় মহলদাৰ টাইগাৰ লিম্বূয়ে আৰক্ষীৰ ভয়ত পলাই পত্ৰং দিয়ে বুলি জানিব পৰা গৈছে।

মাজবাটৰ সচেতন ৰাইজে এনে ধৰণৰ প্ৰশাসনৰ নিৰ্দেশক ভেঙুচালি কৰাৰ বাবে মহলদাৰ টাইগাৰ লিম্বুৰ বিৰুদ্ধে বিহিত ব্যবস্থা গ্ৰহণ কৰবলৈ দাবী জনাইছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here