প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা,২৭ মাৰ্চঃ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত ৰাজ্য চৰকাৰেও ২৪ মাৰ্চৰ সন্ধিয়া ৬ বজাৰ পৰা ১৪ এপ্ৰিললৈকে সমগ্ৰ অসমত লক্ ডাউন দিছে যদিও একাংশ অবিবেচকৰ কৰ্ম কাণ্ডই সচেতন মহলক চিন্তিত কৰি তুলিছে।
আজি নগাঁও জিলাৰ চামগুৰি থানাৰ আৰক্ষীয়ে উপায়ন্তৰ হৈ সন্ধিয়া ৬ বজাৰ পাছত বহুকেইটা অঞ্চলত লপা থপা দিবলৈ বাধ্য হৈছে।
প্ৰাপ্ত খবৰ মতে, চামগুৰি ৰাজহ চক্ৰ বিষয়া বন্তি তালুকদাৰৰ নেতৃত্বত তথা চামগুৰি থানাৰ নৱ নিযুক্ত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণ কান্ত দলেৰ নেতৃত্বত আৰক্ষী বাহিনীয়ে আমনি, সোনাৰীবালি,চামগুৰি দৈনিক বজাৰ, বাজিয়াগাঁও,বৰমা আদি অঞ্চলত লক্ ডাউন নমনা একাংশ ব্যৱসায়ী আৰু নাগৰিকক মৃদু লাঠি চালনা কৰি খেদি পঠিওৱা পৰিলক্ষিত হয়।
অতিশয় স্পৰ্শকাতৰ বুলি পৰিগণিত চামগুৰিৰ বাজিয়াগাঁও, বৰমা, কাৱৈমাৰি আদি অঞ্চলত বিগত সময়চোৱাত শ শ যুৱক যুৱতী ক’ৰ’ণা ভাইৰাছৰ আতঙ্কত গৃহাভিমুখী হৈছে।
বহিঃৰাজ্যৰ পৰা উভতি অহা এই যুৱক যুৱতীসকলক লৈ চামগুৰিৰ সচেতন মহল চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে। তেনে অৱস্থাতে ৰাজ্য চৰকাৰে লক্ ডাউন দিয়াৰ পাছতো ভীৰ কৰি জন জীৱন বিপন্ন কৰি তোলাৰ আশংকাত আৰক্ষীয়ে লোৱা পদক্ষেপত সচেতন মহলে সন্তোষ প্ৰকাশ কৰিছে।