চামগুৰিত লক ডাউন অমান্য কৰা লোকৰ প্ৰতি কঠোৰ আৰক্ষীঃ বন্ধৰ সুযোগলৈ ড্ৰাগছৰ অবাধ প্ৰচলন

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা,২৭ মাৰ্চঃ নগাঁৱ জিলাৰ চামগুৰি আৰক্ষীয়ে আজি চামগুৰিতো লক্ ডাউন অমান্য কৰা লোকৰ প্ৰতি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে৷

চামগুৰিৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱাৰে পৰা চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণ কান্ত দলেৰ নেতৃত্বত আৰক্ষীয়ে তীব্ৰ তালাচী অভিযান চলোৱা পৰিলক্ষিত হৈছে৷

প্ৰশাসনৰ নিৰ্দেশনা নামানি বিনা কাৰণত ঘৰৰ পৰা ওলাই অহা লোকক আৰক্ষীয়ে লাঠিৰে কোবোৱাৰ লগতে আইন ভংগকাৰীসকলৰ ডিঙিত “মই দায়িত্বহীন মূৰ্খ” বুলি লিখা এখন ফলক আঁৰি লাজ দিছে৷

ক’ৰ’ণা ভাইৰাছ যাতে সংক্ৰমণ নহয় তাৰ বাবে আৰক্ষীয়ে নিজে মাস্ক পৰিধান কৰি তালাচী চলাই জন সচেতনতাৰ পৰিচয় ডাঙি ধৰে৷

বিনা কাৰণত ওলাই আহি আৰক্ষীৰ সৈতে তৰ্কত লিপ্ত হোৱা লোকক আজি চামগুৰি আৰক্ষীয়ে ৰেহাই দিয়া নাই৷

উল্লেখ্য যে,লক্ ডাউনৰ সময়চোৱাত বন্ধৰ সুযোগ গ্ৰহণ কৰি একাংশ ড্ৰাগছ ব্যৱসায়ীয়ে ৰমৰমীয়া বেহা আৰম্ভ কৰাৰ লগতে আৰক্ষীৰ চকুত ধূলি মাৰি একাংশ যুৱকে গেৰুৱামুখ, বাজিয়াগাঁও হৈ বাইকেৰে আহি ড্ৰাগছ সেৱন কৰিছে ৷

এক বিশেষ সূত্ৰৰ পম খেদি আজি চামগুৰি আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ড্ৰাগছ ব্যৱসায়ৰ অপৰাধত জেল খটা জনৈক বিল্লাল নামৰ লোকজনৰ ঘৰৰ পদুলিৰ পৰা এ এছ ০২ এক্স ১১৫১ নম্বৰৰ এখন বাইক জব্দ কৰে।

আৰক্ষীয়ে অভিযান চলোৱাৰ উমান পাই ড্ৰাগছ সেৱনকাৰী যুৱককেইজন বাইক এৰি পলায়ন কৰে বুলি আৰক্ষী সূত্ৰে জানিব দিয়ে।

ইপিনে কেৰালাত কৰ্মৰত এজন যুৱকক পিতৃয়ে চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ ক’ৰ’ণা ভাইৰাছ সম্পৰ্কে স্বাস্থ্য পৰীক্ষাৰ বাবে আহিছিল যদিও মহকুমা স্বাস্থ্য বিষয়াগৰাকীয়ে দুৰ্ব্যৱহাৰ কৰে বুলি অভিযোগ উত্থাপিত হৈছে।

পাছত চামগুৰিৰ এজন যুৱকে এই বিষয়ে চামগুৰি স্বাস্থ্য কেন্দ্ৰলৈ গৈ মহকুমা স্বাস্থ্য বিষয়াগৰাকীক এই সম্পৰ্কে জানিবলৈ দিয়াত যাবতীয় ব্যৱস্থা গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে।

দিনক দিনে কোভিড-১৯ য়ে মাৰাত্মক ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰাৰ মুহূৰ্তত এচাম অবিবেচকৰ কৰ্ম কাণ্ড‌ই সচেতন মহলক চিন্তিত কৰি তুলিছে।

চামগুৰি আৰক্ষীয়ে লক্ ডাউন আৰম্ভ হোৱাৰ পাছত মঙ্গলবাৰে সন্ধিয়া বাজিয়াগাঁও, বৰমা আদি অঞ্চলত লপা থপা দিবলৈ বাধ্য হৈছিল যদিও আজিও পুনৰ ভীৰ কৰা পৰিলক্ষিত হয়।

পাছত চামগুৰি আৰক্ষীয়ে আজি পুনৰ সোণাৰীবালি, বৰমা আদি অঞ্চলত মৃদু লাঠি চালনা কৰি লক্ ডাউন মানিবলৈ সঁকীয়াই  আহে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here