সমস্যাৰ সম্মুখীন হোৱা শ্ৰমিক, বনুৱা, দিন হাজিৰা কৰা সৰ্বসাধাৰণ লোকক খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ আহ্বান

0
14

প্ৰাগজ্যোতিষ বাৰ্তা,বাক্সাৰ পৰা ধীৰজ উপাধ্যায়,২৯ মাৰ্চঃ লক ডাউন চলি থকা সময়তে খাদ্য সমস্যাৰ সম্মুখীন হোৱা শ্ৰমিক, বনুৱা, দিন হাজিৰা কৰা সৰ্বসাধাৰণ লোক অভাৱৰ সম্মুখীন হোৱাৰ প্ৰতি লক্ষ্য ৰাখি অন্যান্য জিলাৰ লগতে বাক্সা জিলাৰ বৃহত্তৰ আঙাৰকাটা অঞ্চলতো তৎকালীনভাৱে খাদ্য সামগ্ৰী যোগান ধৰাৰ বাবে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কুমাৰীকাটা আঞ্চলিক সমিতিৰ সভাপতি মহেন্দ্ৰ ৰায় আৰু সদৌ বিটিচি বাঙালী যুৱ ছাত্র ফেডাৰেচনৰ সভাপতি পৰিতোষ আৰ্য্যৰ লগতে কেইবাগৰাকী স্থানীয় ব্যক্তিয়ে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায়।

লগতে সাংবাদিকৰ আগত আৰু প্ৰকাশ কৰে যে তামুলপুৰ মহকুমাৰ অন্তৰ্গত বৃহত্তৰ আঙাৰকাটাৰ অঞ্চলৰ পঞ্চানব্বৈ শতাংশ লোকে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ।

এই লোকসকলে ভূটানৰ উপৰি বিভিন্ন অঞ্চলত দিন হাজিৰা কৰি, শ্ৰমিক, বনুৱা, মিস্ত্ৰী ক্ষুদ্ৰ দোকান আদি কাম কৰি পৰিয়াল পোহপাল দি আহিছে।

সম্প্ৰতি কৰোনা ভাইৰাছৰ পৰিপেক্ষিতত আমাৰ দেশত লক ডাউন অব্যাহত থকাত তেওঁলোক সমস্যাৰ সম্মুখীন হৈছে।

এনে সময়ত চৰকাৰ আৰু বিটিচিৰ কৰ্তৃপক্ষই চাউল, দাইল আদি যোগান ধৰিব বুলি প্ৰকাশ পোৱাত সন্তোষ প্ৰকাশ কৰি দুয়োগৰাকী ছাত্র নেতাই কয় বৰ্তমানৰ সময়ত চৰকাৰ তথা প্ৰশাসনৰ নীতি নিৰ্দেশনা আৰু নিৰ্ধাৰিত ব্যৱস্থাৰে সকলো অঞ্চলতে সকলো দুখীয়া লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ বাবে সকলো দল সংগঠনক আগবাঢ়ি আহিবলৈ আহ্বান জনাই ছাত্ৰ নেতাদ্বয়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here