ক’ৰ’ণা ভাইৰাচৰ প্ৰতি ভয় শংকা নাই এচাম লোকৰ, ল’ক ডাউন অমান্য কৰি চলাইছে চুলাই মদৰ অবাধ বেহা, প্ৰশাসনৰ উচ্ছেদ অভিযানত উদ্ধাৰ গেলনে গেলনে চুলাই মদ

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া,২৯ মাৰ্চঃ তিনি সপ্তাহজোৰা লক ডাউনত আছে সমগ্ৰ ৰাজ্য৷

ক’ৰ’ণাৰ সংক্ৰমণ ৰোধৰ উপায় হিচাপে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ পৰামৰ্শ দিছে দেশৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে, সেই সময়তে এই আইন অমান্য কৰি আইনক ভেঙুচালি কৰি কিছু জ্ঞানহীন লোকে চলাই গৈছে চুলাই মদৰ অবাধ বেহা l

ধেমাজি জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী জয়ৰামপুৰৰ ২নং শালমাৰী মিচিং গাৱঁত সংঘটিত হৈ আহিছিল অনুৰূপ ঘটনা l

যি সময়ত ক’ৰ’ণা ভাইৰাচৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজৰ সজাগ সচেতনতা বৃদ্ধি পাইছে, সেইটো সময়ত এই মাৰাত্মক ভাইৰাচৰ কোনো উমঘাম নাই এইসকল মদবেপাৰী গাত l প্ৰতি দিনে বনাই গৈছে মদ l

সামাজিক দূূৰত্ব বৰ্তাই ৰখাৰ বিপৰীতে জাকে জাকে মদৰ জুতি ল’বলৈ দৈনিক ভীৰ কৰে শালমাৰী গাৱঁত l

অৱশ্যে এচাম সচেতন যুৱকে আৰক্ষীক খৱৰ দিয়াত জয়ৰামপুৰ আৰক্ষী চকীৰ পুতুকণ চুতীয়াৰ নিৰ্দেশত এটা আৰক্ষী দলে আজি ২নং শালমাৰী মিচিং গাৱঁত চুলাই মদৰ বিৰুদ্ধে এক অভিযান চলায় l

অভিযানৰ সময়ত গেলনে গেলনে চুলাই মদ উদ্ধাৰ কৰাৰ লগতে হাবি জংঘলত মাটিত গাঁত খান্দি লুকুৱাই ৰখা গেলা গুৰৰ টিং উদ্ধাৰ কৰিবলৈ সক্ষম হয় l

উল্লেখ্য যে ধেমাজিৰ গ্ৰামাঞ্চলৰ কিছু কিছু লোকৰ এতিয়াও সজাগতা সৃষ্টি হোৱা নাই ফলত ভয়ংকৰ পৰিস্থিলৈ গতি কৰিছে গ্ৰাম্য সমাজ, এই সমাজসমূহক প্ৰশাসনে কেনে পদক্ষেপ গ্ৰহণ কৰি ক’ৰ’ণা ভাইৰাচৰ প্ৰতি সজাগতা সৃষ্টি কৰিব সেয়াহে পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব l

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here