ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰ কাৰ্যালয়ত ১০০ জন শ্ৰমিকক সাহায্য প্ৰদান

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া, ৩০ মাৰ্চঃ সমগ্ৰ বিশ্বতে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ মাৰাত্মকৰূপত দেখিবলৈ পোৱা গৈছে। দেশজুৰি চলিছে লকডাউন।

তেনে সময়তে অসমৰ বিভিন্ন জিলা পৰা কৰ্মসূত্রে গোগামুখ লৈ অহা দৰিদ্ৰ শ্ৰমিকসকল, চৰকাৰ আহ্বান মৰ্মে এই ২১ দিনীয়া লকডাউনৰ বাবে আৱদ্ধ হৈ পৰে গোগামুখত।

উল্লেখ্য যে ধেমাজি জিলা প্ৰশাসনৰ আৰু এন এইচ পি চিৰ সহযোগত গোগামুখ ৰাজহ চক্ৰৰ কাৰ্যালয়ত আজি আৱদ্ধ হৈ পৰা ১০০জন শ্ৰমিকক খাদ্য সামগ্ৰী বিতৰণৰ কৰে।

সামগ্ৰী টোপোলাত আছে-পাঁচ কিলো চাউল, দালি এক কিলো,মিঠাতেল আৰু ডেটল চাবোন।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here