প্ৰাগজ্যোতিষ বাৰ্তা,মাজবাটৰ পৰা যতীন নাথ, ৩১ মাৰ্চঃ ক’ৰ’ণা ভাইৰাছ সংক্ৰমণ ৰোধ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে আহ্বান দিয়া লকডাউনৰ সময়ত মাজবাট অঞ্চলৰ কেইবাখনো গাঁৱত আজি মাজবাটস্থ শিশুভিত্তিক স্বেচ্ছাসেৱী অনুষ্ঠান ‘প্ৰেৰণা’ আৰু মাজবাট আৰক্ষী থানাৰ উদ্যোগত আৰু মাজবাট সাংবাদিক সন্থাৰ সহযোগত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়।
মাজবাট অঞ্চলৰ কেইবাখনো গাঁৱৰ দৈনিক হাজিৰা কৰি খোৱা প্ৰায় ৪০ টা পৰিয়ালৰ ঘৰে ঘৰে গৈ চাউল, ডালি, আলু, তেল, নিমখ আদি খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে পৰিয়াল সমূহক লক ডাউনৰ সময়ত ঘৰৰ ভিতৰত থকাৰ লগতে পৰিস্কাৰ পৰিচন্নতাভাৱে থাকিবলৈ আহ্বান জনোৱা হয়।
খাদ্য সামগ্ৰী বিতৰণ কৰাৰ সময়ত মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজা ইৰ্চাদ, এ এছ আই ৰোহিত কুমাৰ চেত্ৰী, স্বেচ্ছাসেৱী অনুষ্ঠান ‘প্ৰেৰণা’ৰ সম্পাদক তপেশ হোৰ, মাজবাট সাংবাদিক সন্থাৰ সভাপতি মুনীন্দ্ৰ কলিতা আৰু সদস্য দীপক মেধী উপস্থিত থাকে।