ক’ৰ’ণা ভাইৰাছক লৈ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ প্ৰতিক্ৰিয়াঃ অসমৰ ৰাইজক বচোৱাই মূল উদ্দেশ্য

  • প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ১ এপ্ৰিলঃ বিশ্ব সন্ৰাস সৃষ্টিকাৰী ক’ৰ’ণা ভাইৰাছক লৈ সদৌ অসম ছাত্ৰ সন্হাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই আজি সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্যচৰকাৰ আৰু স্বাস্থ্য বিভাগৰ পৰা যি নীত- নিৰ্দেশনা দিয়ে অসমৰ সকলো স্তৰৰ ৰাইজে মানি চলা উচিত ৷

এইক্ষেত্ৰত আছুৰ তৰফৰ পৰা ৰাজ্যৰ কেইবাখনো জিলাত অতি দৰিদ্ৰ পৰিয়ালসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হৈছে স্হানীয় প্ৰশাসনৰ সহায়ত ৷

আছুৰ সদস্যসকলেও লকডাউনৰ নিয়ম মানি অতি দৰিদ্ৰ পৰিয়ালক সহায়ৰ হাত আগবঢ়াব বুলি ভট্টাচাৰ্যই কয় ৷

তেওঁ পুনৰ কয় যে আছুৱে চৰকাৰক বিভিন্ন সময়ত সমালোচনা কৰাৰ লগতে চৰকাৰৰ জনসাধাৰণৰ বিৰোধী নীতিৰ বাবে আমি চৰকাৰ বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰো ৷

এই মহামাৰীৰ সময়ত চৰকাৰৰ নীতি নিয়ম মানি ক’ৰ’ণা প্ৰতিৰোধ কৰিব লাগিব ৷

অসমৰ প্ৰতিজন নাগৰিকক স্বাস্থ্য বিভাগে নিৰ্দেশ দিয়া নিয়মসমূূহ মনাৰ লগতে লকডাউন মানিবলৈ ৰাইজক আহ্বান জনায় আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে ৷

তেওঁ যি কোনো উপায়ৰে অসমৰ ৰাইজক বচাব লাগিব বুলি মন্তব্য প্ৰকাশ কৰে ৷

ইয়াৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাত তেজৰ নমুনা পৰীক্ষাগাৰ স্হাপন কৰিবলৈ ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনায় ৷

শেহতীয়াকৈ দিল্লীৰ নিজামউদ্দিনৰ ঘটনাক লৈ যঠেষ্ট উদ্দেগ প্ৰকাশ কৰে ড° ভট্টাচাৰ্যই ৷

তেওঁ কয় অসমৰ পৰা যোৱা ব্যক্তিসকলে নিজেই আহি স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰাৰ লগতি স্বাস্থ্য বিভাগে দিয়া নিৰ্দেশসমূহ মানি চলিবলৈ আহ্বান জনায় ৷

ইফালে আছুৰ সাধাৰণ সম্পাদক লুৰিন জ্যোতি গগৈয়ে সমূূহ অসমবাসী ৰাইজক ক’ৰ’ণা ভাইৰাছৰ বাবে সজাগ হ’বলৈ আহ্বান জনায় ৷

ৰাজ্যখনৰ জনসাধাৰণৰ সুৰক্ষাৰ বাবে লকডাউন মানি চলিবলৈ সকলো ৰাইজক অনুৰোধ জনায় লুৰিন জ্যোতি গগৈয়ে ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here