-পাহাড়ী শইকীয়া
আহ !
মৃত্যুৰ কি বিভীষিকা!
ব্যঞ্জণ বৰ্ণৰ প্ৰথম
এটি বৰ্ণৰে সৃষ্টি হোৱা
নাম যাৰ
ক’ৰ’ণা৷
তই নীৰৱে নিঃশব্দে আহি
কতজনৰ প্ৰাণ
কাঢ়ি নিলি!
তোৰ গতিবেগত
সকলো থৰহৰি কম্পমান!
প্ৰতিখন দেশ, ৰাজ্যতে
ভয়াৰ্ত ইংগিত
বিলাসী চহৰ ইটালীৰ
প্ৰতিজন জনতাৰ হৃদয়ত
কেৱল মৃত্যুৰ বিভীষিকা!
চহকী চহৰখনক
নিমিষতেই চুৰমাৰ কৰি পেলাইছ,
বিশ্বৰ উন্নত চিকিৎসালয়
য’ত শ শ চিকিৎসক
নিমিষতে শূন্য হৈ গ’ল৷
প্ৰতিজন চিকিৎসকৰ অন্তৰত কেৱল উৎকণ্ঠা!
ক’ৰ’ণা তই যাৰ দেহত
আক্ৰমণ কৰিছ,
আপোন মানুহক যাবৰ সময়তো
দেখা কৰিব নিদিলি!
তোৰ কাল সংহাৰী ৰূপটো
ধ্বংস কৰিবলৈ দিনে ৰাতিয়ে
যুঁজি থকা চিকিৎসকৰো
তই প্ৰাণ ল’লি!
যা গৈ যা
যি বাটে আহিছ
সেই বাটেই গুচি যা৷
আত্মীয় কুটুম্বসকলক
জীয়াই থাকিবলৈ দে
তোৰো ধ্বংস হ’ব ক’ৰ’ণা
আত্মীয়, ভাই বন্ধুসকলে
ভৌগলিক দূৰত্ব বজাই
তোক নাশ কৰিব
সংযমৰ অমোঘ মন্ত্ৰেৰে৷
প্ৰতিদেশৰ মুখ্যজনে জনহিতকৰ বাবে
লোৱা সিদ্ধান্ততো মৃত্যুৰ কিৰিলি পৰা
তোৰ বাবে বাধাৰ প্ৰাচীৰ হ’ব জনতা।
তোক নাশ কৰিবলৈ
প্ৰতিজন জনতাই আত্মৰক্ষাৰ বাবে
লৈছে আজি দূৰত্ব বজাই ৰখাৰ
কঠোৰ সিদ্ধান্ত৷
. কবিৰ ভ্ৰাম্যভাষ-৮৬৩৮১৪১১০৩