এআইইউডিএফৰ বিধায়ক আমিনুল ইছলাম পৃথক পৃথক সাম্প্ৰদায়িক মন্তব্যৰ অভিযোগত গ্রেপ্তাৰ

প্ৰাগডেস্ক,গুৱাহাটী, ৭ এপ্ৰিলঃ ক’ৰ’ণা ভাইৰাছে সমগ্ৰ দেশজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সময়তে কোভিড – ১৯ কোৱাৰেণ্টাইন কেন্দ্রৰ বিষয়ে বিৰূপ তথা সাম্প্ৰদায়িক মন্তব্যৰ অভিযোগৰ ভিত্তিত অসম পুলিছে অল ইন্ডিয়া ইউনাইটেড ডেমোক্রেটিক ফ্রন্ট (এআইইউডিএফ)ৰ বিধায়ক আমিনুল ইছলামক আজি ৰাতিপূৱা গ্রেপ্তাৰ কৰিছে।

সোমবাৰে ৰাতি সোধপোচৰ বাবে বিধায়কজনক আটক কৰাৰ পিচত মঙ্গলবাৰে ৰাতিপূৱা অসম পুলিছে তেওঁক গ্রেপ্তাৰ কৰে।

প্ৰাপ্ত খৱৰ মতে, নাগাঁও পুলিছে এটা অ’ডিঅ ক্লিপ লাভ কৰিছিল য’ত নিজামুদ্দিন মাৰকাজৰ তাবলিগী জামায়াতৰ উপস্থিতসকলক কোভিড -১৯ ৰ ইতিবাচক পৰীক্ষাৰ পিচত কেবাগৰাকীকো পজিটিভ পোৱাৰ পিচত আমিনুল ইছলামে সম্পূৰ্ণ পৰিস্থিতিটোতে সাম্প্রদায়িক ৰহণ সনাৰ চেষ্টা আৰম্ভ কৰাৰ তথ্য ধৰা পৰে।

বিধায়কগৰাকীয়ে আনকি কোৱাৰেণ্টাইন কৰা ইছলাম ধৰ্মী লোকসকলক চৰকাৰে বিষাক্ত বেজীৰে হত্যা কৰি ক’ৰ’ণাত মৰা বুলি প্ৰচাৰ কৰিব বুলি মন্তব্য কৰাৰ কথাও অ’ডিঅ ক্লিপটোত শুনা গৈছে৷

ইয়াৰ ফলতেই নিজামুদ্দিন মাৰকাজৰ পৰা উভতি অহাসকলে এতিয়াও লুকাই থকাৰ সন্দেহ কৰা হৈছে৷

আনকি চামগুৰি আদিত ৰোগীক কঢ়িয়াবলৈ যোৱা এম্বুলেঞ্চৰ ওপৰত আক্ৰমণ চলোৱাৰ দৰে ঘটনাও পোহৰলৈ আহিছে৷
 
এই পর্যন্ত অসমৰ ২৬জন লোকৰ ক’ভিড -১৯ৰ ইতিবাচক পৰীক্ষা কৰা হৈছে, যাৰ ভ্রমণ ইতিহাসৰ মূল দিল্লীৰ নিজামউদ্দিন মাৰকাজ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here