প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ৭ এপ্ৰিলঃ বিশ্বজুৰি আতংকৰ আন এটা নাম ক’ৰণা। দেশৰ লগতে অসম চৰকাৰেও ক’ৰ’ণা ৰোগীৰ আৰোগ্যৰ বাবে ন ন পদক্ষেপ তথা আঁচনি লোৱা পৰিলক্ষিত হৈছে।
তাৰ সমান্তৰালভাৱে হোজাই জিলা প্ৰশাসন আৰু লংকা পৌৰ সভাৰ প্ৰচেষ্টাত লংকা চহৰৰ মাজ মজিয়াত থকা বিজনেছ কম্প্লেস্কৰ দুই মহলত ক’ৰ’ণা ৰোগীৰ বাবে ৪৯ খন বিচনাযুক্ত হোম কোৱাৰেণ্টাইনৰ ব্যৱস্হাৰ কৰা হৈছে।
তাৰে ৩০ খন বিচনা বৰ্তমান ৰোগীৰ সেৱাৰ বাবে প্ৰস্তুত কৰি ৰখা হৈছে।
Facebook Comments