শিলপুখুৰী দুৰ্গাপূজা সমিতিয়ে মুখ্যমন্ত্ৰী সাহয্য্ পুঁজিলৈ আগবঢ়ালে ২৫ হাজাৰ টকা

0
44

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ১০ এপ্ৰিলঃ বিশ্ব সন্ৰাস সৃষ্টি কৰা ক’ৰ’ণা ভাইৰাছে ভাৰতবৰ্ষৰ অন্য প্ৰান্তৰ লগতে অসমতো এক আতংকৰ সৃষ্টি কৰিছে৷ যাৰ বাবে ৰাজ্যত ২১দিনীয়া লকডাউন অব্যাহত আছে৷

ইতিমধ্যে ৰাজ্যৰ ২৯ গৰাকী ব্যক্তি ক’ৰ’ণাত আক্ৰান্ত হৈছে৷ ইয়াৰে এজন মৃত্যু মুখত পৰিছে ৷

ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷

ৰাজ্যৰ সকলোৱে একগোট হৈ ক’ৰ’ণা প্ৰতিৰোধ কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ৰী ড° হিমান্ত বিশ্ব শৰ্মাই অসমবাসী ৰাইজক আহ্বাল জনাই আহিছে৷

ৰাজ্যচৰকাৰৰ আহ্বানৰ প্ৰতি সহাৰী জনায় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে ব্যক্তিগত ভাবে ইতিমধ্যে সাহয্য আগবঢ়াইছে৷

এইক্ষেত্ৰত মহানগৰীৰ শিলপুখুৰীৰ দুৰ্গাপূজা সমিতিয়ে পিছ পৰি থকা নাই৷ আজি শিলপুখুৰীৰ দুৰ্গাপূজা সমিতিয়ে মুখ্যমন্ত্ৰী সাহয্য পুঁজিলৈ ২৫ হাজাৰ টকাৰ এখন চেক্ মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টাৰ হাতত অৰ্পণ কৰে৷

শিলপুখুৰী মন্দিৰ প্ৰাংগণত সভাপতি ৰাখল গোশ্বামী আৰু সাধৰণ সম্পাদক ভাস্কৰ গোস্বামী, মুনীন কাকতী, চিন্তু ডেকাৰ উপস্থিতত চেক প্ৰদান কৰা হয়৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here