বাক্সাৰ বৰিমাখাতত কৃষকৰ পচিবলৈ ধৰা ষ্ট্ৰ-বেৰী খেতি পৰিদৰ্শন উপায়ুক্ত ৰঞ্জন শৰ্মাৰ

0
21

প্ৰাগজ্যোতিষ বাৰ্তা, মুছলপুৰ, ১০ মাৰ্চঃ সমগ্ৰ বিশ্বজুৰি সংক্ৰামিত ক’ৰ’ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত সংঘটিত অৰ্থব্যৱস্থাৰ বিপৰ্যয়ৰ প্ৰভাৱ অসমতো পৰিছে।

ক’ৰ’ণা প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ২১ দিনীয়া লকডাউনৰ ফলশ্ৰুতিত ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বাক্সা জিলাৰ কৃষকসকলেও তেওঁলোকৰ উৎপাদিত শাক-পাচলি বিক্ৰীৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখিন হ’বলগীয়াত পৰিছে।

বাক্সাৰ তেনে এগৰাকী কৃষক হৈছে মুছলপুৰৰ সমীপৱৰ্তী বৰিমাখাৰ দিপুল বড়ো।

উদ্যমী কৃষক বড়োৱে বিগত চাৰি বছৰ ধৰি নিজৰ কৃষিভূমিত ষ্ট্ৰ-বেৰী খেতি কৰি যঠেষ্ট লাভান্বিত হ’বলৈ সক্ষম হৈছে।

এইবাৰো নিজৰ ডেৰ বিঘা মাটিত ষ্ট্ৰ-বেৰী খেতি কৰিছিল। উৎপাদিত পকা ষ্ট্ৰ-বেৰী সমীপৱৰ্তী বজাৰৰ লগতে গুৱাহাটীলৈ প্ৰতি কিলোগ্ৰামত ৩৮০.০০ টকা দৰত বিক্ৰী কৰিছিল।

কিন্তু লকডাউনৰ ফলত উৎপাদিত ফচল বজাৰলৈ পঠিয়াব নোৱৰাত পথাৰতে পচিবলৈ ধৰিছে ষ্ট্ৰ-বেৰীসমূহ। উপায়ন্তৰ হৈ অতি কম মূল্যত বা বহুতকে এনেয়ে দিবলগীয়াত পৰিছে কষ্টোপাৰ্জিত ষ্ট্ৰ-বেৰীসমূহ।

যোৱা ৭ এপ্ৰিলত এই খৱৰ পাই বাক্সা জিলাৰ উপায়ুক্ত ৰঞ্জন শৰ্মাই গ্ৰামোন্নয়ন বিভাগৰ প্ৰকল্প সঞ্চালক ৰবীন্দ্ৰ মুছাহাৰী আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াক লগত লৈ কৃষক দিপুল বড়োৰ কৃষিভূমি পৰিদৰ্শন কৰে।

কৃষকগৰাকীৰ কৃষিভূমিত উপস্থিত হৈ পকিবলৈ ধৰা ষ্ট্ৰ-বেৰীসমূহ দেখি উপায়ুক্তগৰাকীয়ে উদ্দিগ্নতা প্ৰকাশ কৰে।

তেওঁ লগতে গ্ৰামোন্নয়ন বিভাগৰ প্ৰকল্প সঞ্চালক গৰাকীক কৃষক বড়োৱে ফচলসমূহ বিক্ৰী কৰাৰ বাবে যাতে এখন বজাৰ পায় তাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।

জিলাখনৰ কৃষকসকলৰ এনে ধৰণৰ ফচলসমূহ যাতে নষ্ট হৈ নাযায় আৰু কৃষকসকলেও যাতে উৎপাদিত ফচলৰ উপযুক্ত মূল্য লাভ কৰে তাৰবাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলিও উপায়ুক্ত ৰঞ্জন শৰ্মাই দিপুল বড়োৰ লগতে অন্যান্য কৃষকসকলকো আশ্বাস প্ৰদান কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here