প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়াৰ সাহয্য বিতৰণ

0
33

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ১৩ এপ্ৰিলঃ বিশ্ব সন্ত্ৰাস ক’ৰ’ণা ভাইৰাছৰ আতংকৰ বাবে দেশৰ লগতে ৰাজ্যত ২১ দিনীয়া লকডাউন অব্যাহত আছে৷

যাৰবাবে এচাম দৰিদ্ৰ পৰিয়ালৰ লোকে এসাজ খাই এসাজ লঘনে থাকিবলগীয়া হৈছে৷

ইয়াৰ বাবে বিভিন্নজনে অতি দৰিদ্ৰ পৰিয়াল সকলৰ কাষত থিয় হোৱা দেখা গৈছে৷

এইক্ষেত্ৰত প্ৰাক্তন মেয়ৰ মৃগেন শৰনীয়া আৰু যুৱ ব্যৱসায়ী তথা সমাজ কৰ্মী বিজয় ৰাজবংশীয়েও অতি দৰিদ্ৰ পৰিয়ালক কিছু সহায় কৰিবলৈ আগবাঢ়ি আহিছে৷

গুৱাহাটী মহানগৰীৰ বিভিন্ন অঞ্চলৰ প্ৰায় দুই হাজাৰ দৰিদ্ৰ পৰিয়ালৰ মাজত সামগ্ৰী বিতৰণ কৰে৷

ৰবিবাৰৰ দিনাখন মহানগৰীৰ বিৰুবাৰী, উলুবাৰী, ৰুপনগৰ, চোলাপাৰা অঞ্চলত প্ৰায় দুই শতাধিক পৰিয়ালৰ মাজত খাদ্যসামগ্ৰী বিতৰণ কৰা দেখিবলৈ পোৱা গৈছে৷

উল্লেখ্য যে প্ৰাক্তন মেয়ৰ মৃগেন শৰনীয়া আৰু সমাজকৰ্মী বিজয় ৰাজবংশীয়ে বিগত এসপ্তাহৰ পৰা মহানগৰীৰ বিভিন্ন অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ মাজত সামগ্ৰী বিতৰণ কৰে৷

ইয়াৰ বাবে বিভিন্ন জনে তেওঁলোকৰ এনেকুৱা পদক্ষেপক আদৰণীয় বুলি উল্লেখ কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here