লংকাৰ কছাৰী গাঁৱত অঘটনঃ পথাৰৰ মাজৰ এজোপা গছত চিপ লৈ আত্মহত্যা এহাল যুৱক-যুৱতীৰ

0
51

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ১৩ এপ্ৰিলঃ ৰঙালী বিহুৰ দিনা পূৱাই লংকাত ঘটিল এক অঘটন।

পথাৰৰ মাজৰ এজোপা গছৰ ডালত চীপ লৈ আত্মহত্যা একে গাঁৱৰে দুই যুৱক-যুৱতীয়ে।

লংকাৰ কাছাৰী গাঁৱত সংঘটিত হৈছে উক্ত ঘটনা।

যুৱকজনৰ নাম জেচিম উদ্দিন বয়স ১৭ বছৰ আৰু যুৱতীগৰাকীৰ বয়স ১৬ বছৰ।

প্ৰেমজনিত কাৰণত এনে ঘটনাৰ সন্দেহ। বৰ্তমানলৈকে ঘটনা স্থলীত দণ্ডাধীশ উপস্থিত হোৱা নাই যদিও উদালী আৰক্ষী উপস্হিত হৈ তদন্ত অব্যাহত ৰাখিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here