মাজবাটত বিহু পতাকা উত্তোলণেৰে ৰঙালী বিহু পালন

0
15

প্ৰাগজ্যোতিষ বাৰ্তা, মাজবাটৰ পৰা যতীন নাথ ১৪ এপ্ৰিলঃ ক’ৰ’ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে দেশত চলি থকা লকডাউন আৰু চৰকাৰৰ নিৰ্দেশ মানি বহাগৰ প্ৰথম দিনা সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰি জিলাৰ মাজবাটতো বিহু পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণেৰে অসমীয়া বাপোতি সাহোন ৰঙালী বিহু পালন কৰে।

৬৩ সংখ্যক মাজবাট ৰাজহুৱা ৰঙালী বিহু সন্মিলনী , সোণালী জয়ন্তী গৰকা পূৱ-মাজবাট নৱ জ্যোতি যুৱক সংঘ আৰু পুথিভঁৰালৰ উদ্যেগত অনুষ্ঠিত হোৱা ৰঙালী বিহু আৰু বগুলামাৰী ৰঙালী বিহু সন্মিলনীয়ে বিহু বাকৰিত ৰঙালী বিহুৰ বিহু পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণেৰে কাৰ্যসূচী সামৰণী মাৰে।

মাজবাট ৰাজহুৱা ৰঙালী বিহু সন্মিলনীয়ে মাজবাটৰ বাপুজী প্ৰকল্প প্ৰাংগণত ৰাতিপুৱা ৯ বজাত বহাগৰ প্ৰথম দিনা বিহুৰ পতাকা উত্তোলন কৰে বিহু উদযাপন সমিতিৰ উপ-সভাপতি কুমুদ চন্দ্ৰ বড়াই পতাকা উত্তোলন স্থলিৰ পৰাই মাজবাট বাসী ৰাইজৰ লগতে সমগ্ৰ অসম বাসী ৰাইজক অসমীয়া বাপোতি সাহোন ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে।

আৰু কৰ’ ণা ভাইৰাছ সংক্ৰমণ ৰোধ কৰাৰ বাবে সকলোকে চৰকাৰৰ নিৰ্দেশ মানি চলিবলৈ আহ্বান জনায়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here