প্ৰাগজ্যোতিষ বাৰ্তা, মাজবাটৰ পৰা যতীন নাথ ৩০ এপ্ৰিলঃ ওদালগুৰি জিলাৰ চেন্ট্ৰেল বেংক অফ্ ইণ্ডিয়াৰ মাজবাট শাখাত যোৱা ১৯ এপ্ৰিলত এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়।
দুপৰীয়া ১-৩০ মান বজাত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত বেংকটোৰ বহু মূল্যবান নথি-পত্ৰ ভস্মীভূত হয়।
পিছত মাজবাটস্থ অগ্নি নিৰ্বাপক বাহিনীৰ ত९পৰতাত জুই নুমুৱাবলৈ সক্ষম হয়।
আৰক্ষী আৰু বেংক কৰ্তৃপক্ষই বেংকটোত বৈদ্যুতিক চৰ্ট চাৰ্কিট হৈ জুইৰ সূত্ৰপাত হোৱা বুলি সন্ধেহ ব্যক্ত কৰিছে।
ইফালে বেংকটোত জুইৰ সূত্ৰপাত হোৱা খবৰ পোৱাৰ লগে লগে সাংবাদিক গৈ ঘটনাস্থলীত উপস্থিত হয় যদিও I.T.B.P জৱানসকলে সাংবাদিকক বাতৰি সংগ্ৰহ কৰাত বাধা প্ৰদান কৰে।
আৰক্ষীয়ে কিন্তু ঘটনাস্থলীত সামাজিক দূৰত্ব নামানি বহু লোকৰ সমাগম হোৱাৰ পিচটো আৰক্ষীৰ কোনো ধৰণৰ ত९পৰতা দেখা নগ’ল।
Facebook Comments