শিৱসাগৰত কৃষি মন্ত্ৰী অতুল বৰা আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ যৌথ সংবাদমেল

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ১৯ এপ্ৰিলঃ অসম চৰকাৰে ক’ভিড ১৯ সংক্ৰমণৰ ফলত শিৱসাগৰৰ কৃষকসকলৰ আগত দেখা দিয়া সকলো সমস্যা সমাধানৰ বাবে কাৰ্য্যকৰী ব্যৱস্থা হাতত লৈছে বুলি শিৱসাগৰ উপায়ুক্ত কাৰ্য্যালয়ৰ চ্যুকাফা ভৱনত আয়োজন কৰা এক সংবাদমেলত কৃষি মন্ত্ৰী অতুল বৰাই ঘোষণা কৰে ৷

মন্ত্ৰীগৰাকীয়ে কৃষকক বীজ, ইন্ধন ইত্যাদিৰ লগতে প্ৰয়োজনীয় সকলো ব্যৱস্থাৰ যোগাৰ দিয়া হ’ব বুলি ঘোষণা কৰাৰ লগতে কৃষক ৰাইজক সামাজিক দূৰত্ব বজাই ৰাখি কৃষি কৰ্মত ব্ৰতী হ’বলৈ আহ্বান জনায় ৷

লগতে উজনিৰ কৃষকসকলক মন্ত্ৰীগৰাকীয়ে কেৱল ধান খেতিতে ব্যস্ত নাথাকি সকলো খেতিকে প্ৰতিযোগিতা হিচাপে গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় ৷
আনহাতে শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত শ্বোৱাইন ফিভাৰত আক্ৰান্ত হৈ ৩০০ গাহৰিৰ মৃত্যু হৈছে বুলি কৃষি মন্ত্ৰীয়ে জানিবলৈ দিয়ে

সংবাদমেলত অংশগ্ৰহণ কৰি যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে অসমত পৰৱৰ্তী এমাহৰবাবে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মজুত আছে বুলি উল্লেখ কৰে ৷

লগতে তেওঁ কয় যে, চাউল আৰু মচুৰ দাইলৰ ক্ষেত্ৰত কিছু নাটনি হৈছে যদিও বিভাগটোৱে উক্ত সমস্যাৰ সমাধানৰ ব্যৱস্থা কৰিছে ৷ আনফালে যোগান মন্ত্ৰীয়ে নিত্য প্ৰয়োজনীয় কিছু সামগ্ৰীৰ দাম উৎসতে বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত কেইপদমান সামগ্ৰীৰ দাম বজাৰত বৃদ্ধি হোৱাৰ কথা একেমুখে স্বীকাৰ কৰে৷

লগতে একেখন সংবাদমেলতেই যোগান মন্ত্ৰীয়ে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ দাম নিৰ্ধাৰিত নিৰিখতকৈ বেছি লোৱা ব্যৱসায়ীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক কঠোৰ নিৰ্দ্দেশ দিয়ে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here