প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ১৮ এপ্ৰিলঃ সমগ্ৰ বিশ্বত আতংকৰ সৃষ্টি কৰা কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ অৰ্থে অসম চৰকাৰে গঠন কৰা “অসম আৰোগ্য নিধি”লৈ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, ব্যক্তি আদিয়ে ব্যাপক সহযোগিতা আগবঢ়োৱাৰ সময়তে এইবাৰ শিৱসাগৰ কেন্দ্ৰীয় বজাৰ ব্যৱসায় সন্থায়ো অসম আৰোগ্য নিধি লৈ সাহায্য আগবঢ়াই ৷
১৬ ছেপ্টেম্বৰত শিৱসাগৰ কেন্দ্ৰীয় বজাৰ ব্যৱসায় সন্থাৰ সাধাৰণ সম্পাদক প্ৰবীণ বেজবৰুৱা, উপ-সভাপতি নিৰ্মল সাহা আৰু কাৰ্য্যকৰী সদস্য ইনুচ আহমেদে শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ চ্যুকাফা সভাকক্ষত অনুষ্ঠিত এক পৰ্য্যালোচনা সভাত অংশগ্ৰহণ কৰা যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰী, ৰাজহ মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত অসম আৰোগ্য নিধিলৈ কৃষি মন্ত্ৰী অতুল বৰাৰ হাতত ৫১,০০০ টকাৰ চেক প্ৰদান কৰে ৷
ব্যৱসায়ী সন্থাৰ এই পদক্ষেপক সকলোৱে একেমুখে শলাগ লয়৷