ক’ভিড-১৯ প্ৰতিৰোধী যুঁজক লঘু নকৰাকৈ অৰ্থনীতি পুনৰুজ্জীৱিত কৰাটোৱেই হৈছে নতুন প্ৰত্যাহ্বান-সৰ্বানন্দ সোণোৱালঃ গুৱাহাটীত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ২ মেঃ বিগত এমাহ সকলোৰে বাবে আছিল অত্যন্ত প্ৰত্যাহ্বানমূলক। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াৰ সবল নেতৃত্ব, আমাৰ ক’ৰোণা যোদ্ধাসকলৰ কঠোৰ পৰিশ্ৰম আৰু জনগণৰ সন্মিলিত শক্তিৰে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত আমি এক সুবিধাজনক স্থিতিত উপনীত হৈছোঁ‌হি।

পহিলা মে’ত গুৱাহাটীত জ্যেষ্ঠ অৰ্থনীতিবিদসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ তেওঁ কয়, এতিয়া, আমাৰ সন্মুখত আহি পৰিছে আন এক প্ৰত্যাহ্বান।

ক’ভিড-১৯ প্ৰতিৰোধী যুঁজক লঘু নকৰাকৈ অৰ্থনীতি পুনৰুজ্জীৱিত কৰাটোৱেই হৈছে এই নতুন প্ৰত্যাহ্বান। এই মহামাৰীৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ দৰেই সকলো প্ৰত্যাহ্বান নেওচি উক্ত দিশতো আমি “টীম অসম” হিচাপে আগুৱাই যাম।

আমাৰ অৰ্থনীতিবিদসকলে আজি এই ক্ষেত্ৰত বহুমূলীয়া চিন্তা আৰু দিহা-পৰামৰ্শ আগবঢ়াইছে।

গুৱাহাটীত এই গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰা জ্যেষ্ঠ অৰ্থনীতিবিদসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।

আনহাতে তেওঁ কয়, ক’ভিড-১৯ৰ পৰৱৰ্তীকালৰ অৰ্থনৈতিক পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ আমাক নিৰ্দিষ্ট সময় সাপেক্ষ কৰ্ম পৰিকল্পনা আৰু “টাস্ক ফ’ৰ্চ”ৰ প্ৰয়োজন হ’ব।

এই ক্ষেত্ৰত অনাগত দিনবোৰত তেখেতসকলৰ দিহা-পৰামৰ্শ উল্লেখযোগ্য হিচাপে বিবেচিত হ’ব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here