চানমাৰি কলনীত নৱ বিকাশ সংঘৰ খাদ্যসামগ্ৰী বিতৰণ

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ২ মেঃ ক’ৰ’ণা মহামাৰীয়ে সমগ্ৰ দেশত বিভীষিকা সৃষ্টি কৰাৰ বাবে দেশৰ লগতে অসমতো দ্বিতীয় পৰ্যায়ৰ লকডাউন অব্যাহত আছে৷

যাৰ বাবে এচাম দৰিদ্ৰ পৰিয়ালে খাদ্যসামগ্ৰীৰ হাহাকাৰ কৰিব লগা হৈছে ৷

এইক্ষেত্ৰত নৱবিকাশ সংঘই দৰিদ্ৰ পৰিয়ালক সহায় কৰিবলৈ আগবাঢ়ি আহিছে৷

আজি মহানগৰীৰ চানমাৰিৰ কলনীত নৱ বিকাশ সংঘৰ তৰফৰ পৰা শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে৷

নৱবিকাশ সংঘৰ সভাপতি চুনিল পাটগিৰীয় আৰু মুখ্য উপদেষ্টা তথা সমাজকৰ্মী দিলিপ বড়োৰ উপস্থিতত চাউল’ দাইল’ মিঃতেল’ চয়াবিন’ চাহপাত’ নিমখ বিতৰণ কৰে৷

উল্লেখ্যযে লায়ঞ্চ ক্লাব আৰু নৱবিকাশ সংঘৰ তৰফৰ পৰা এপ্ৰিল মাহত প্ৰায় ৬ শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী ইতিমধ্যে বিতৰণ কৰাৰ কথা জানিবলৈ দিয়ে দিলিপ বড়োৱে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here