প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ পৰ্যটন পৰিচালনা বিভাগৰ উদ্যোগত অনলাইন লিখনি প্ৰতিযোগিতা

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ৪ মেঃ বিশ্বসন্ত্ৰাস সৃষ্টি কৰা ক’ৰ’ণা ভাইৰাছৰ এই সময়চোৱাত লকডাউন তথা সামাজিক দূৰত্ব মানি চলাটোৱেই ইয়াৰ পৰা পৰিত্ৰাণ পোৱা একমাত্ৰ উপায়।

ল’কডাউনৰ এই সময়চোৱাত শিক্ষাৰ্থীসকলৰ ব্যাপক ‌ক্ষতি‌ হৈছে যদিও সংশ্লিষ্ট বিভাগসমূহৰ দ্বাৰা বিভিন্ন মাধ্যমেৰে শিক্ষা দিবলৈ চেষ্টা কৰা দেখা গৈছে।

ল’কডাউনৰ এই সময়খিনিতেই প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ পৰ্যটন পৰিচালনা বিভাগৰ ফালৰ পৰা পৰ্যটন বিষয়টোৰ ওপৰত ‌অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ মাজত অনলাইন লিখনি প্ৰতিযোগিতা এখন অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে।

প্ৰতিযোগিতাৰ বিষয়বস্তু হ’ল – “কোভিড১৯ ৰ‌ পিছৰ পৰ্যায়ত পৰ্যটন উদ্যোগটোক পুনৰ শক্তিশালী কৰি তুলিব পৰা ৫টা সম্ভাব্য কৌশল।

লিখনিসমূহ অসমীয়া অথবা ইংৰাজী মাধ্যমত ১৫০০ শব্দৰ ভিতৰত ৱৰ্ড ফৰ্মেট অথবা হাতে লিখা স্কেন ক’পি tourismmanagement@pragjyotishcollege.ac.in ত পঠাব লাগিব।

লিখনি জমা দিয়া শেষ তাৰিখ ৩০ মে’,‌ লিখনিৰ লগত মহাবিদ্যালয়ৰ পৰিচয় পত্ৰখনো স্কেন কৰি পঠিয়াব লাগিব।

এই ক্ষেত্ৰত সবিশেষ জানিবলৈ ৯৮৬৪৩৭৫৯৪৩, ৯৮৬৪১৮৬৩৫৬ নম্বৰত যোগাযোগ কৰাৰ লগতে উক্ত নম্বৰ দুটাত হোৱাটচ্ এপ্ যোগেও নিজৰ লিখনি পঠাব পাৰিব বুলি জনাইছে উদ্যোগতাসকলে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here