ডিমৌ নামনি মিলনকুৰৰ আৰ্তজনৰ কাষত সদৌ ভাৰত অনুসূচীত জাতি-জনজাতি কৰ্মচাৰী সন্থা

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা, ৫মেঃ সমগ্ৰ বিশ্বত ক’ৰ’ণা ভাইৰাছৰ আতংকৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউনৰ সময়ৰ সংকটকালত আৰ্তজনক সহায়ৰ হাত সদৌ ভাৰত অনুসূচীত জাতি-জনজাতি কৰ্মচাৰী সন্থাৰ।

শিৱসাগৰ জিলাৰ ডিমৌ নামনি মিলনকুৰত অ’এন জি চি ৰ কৰ্মচাৰী। অ’এনজিচিৰ সদৌ ভাৰত অনুসূচীত জাতি-জনজাতি কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা নামনি মিলনকুৰৰ ২২৪ টা পৰিয়ালক সহায়ৰ হাত।

সদৌ ভাৰত অনুসূচীত জাতি-জনজাতি কৰ্মচাৰী সন্থাৰ সভাপতি পোনাৰাম মিলি আৰু সম্পাদক জগত হাজৰিকাৰ নিৰ্দ্দেশত উপ-সভাপতি ডেম্বিৰাম পাংগিংৰ তৎপৰতাত ডিমৌ অঞ্চলৰ অতিকৈ পিছপৰা নামনি মিলনকুৰত দৰিদ্ৰ লোকসকলক চাইল, দাইল, আলু, পিয়াজ, মিঠাতেল, নিমখ, হালধি, চাৰ্ফ, চাবোন আদি সামগ্ৰী বিতৰণ কৰে।

সন্থাৰ সদস্যসকলৰ মাজত সংগ্ৰহ কৰা পুঁজিৰে এনেদৰে আৰ্তজনক এই মহামাৰীৰ সময়ত সহায় আগবঢ়াই।

উক্ত বিতৰণ কাৰ্যসূচীত সন্থাৰ দিগন্ত সৰুদেউৰী, ডিপেশ্বৰ বড়ি, দিগন্ত মেছ, ৰিংকু দাস, মনিৰাম কছাৰী, প্ৰদীপ কান্তি দাস, জয় চন্দ্ৰ মিলি, ধীৰাজ পাংগিং আদিয়ে সহযোগিতা আগবঢ়ায়।

অ’ এন জি চি বিষয়া কৰ্মচাৰীৰ এই পদক্ষেপক সকলোৱে একেমুখে প্ৰশংসা কৰিছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here