বি টি চিত প্ৰধানমন্ত্ৰী কিষান বিকাশ, গৰীৱ কল্যাণ আঁচনি বিতৰণত কিছু খেলিমেলিঃ দোষী ব্যাক্তিৰ বিৰুদ্ধে তদন্তৰ ব্যৱস্থা কৰা হ’ব

প্ৰাগজ্যোতিষ বাৰ্তা, মাজবাটৰ পৰা যতীন নাথ, ৭ মেঃ মাজবাটস্থ পশু চিকি९সালয়ৰ অতিথি শালাত আজি ৮ নং মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই এখন সংবাদ মেল সম্বোধন কৰি কয় যে বি টি চিত প্ৰধানমন্ত্ৰী কিষান বিকাশ, প্ৰধানমন্ত্ৰীৰ গৰীৱ কল্যাণ আদি আঁচনি ৰূপায়ণত কিছু খেলিমেলি হোৱা বুলি অভিযোগ পোৱা গৈছে।

বিশেষকৈ হিতাধীকাৰী বাচনিৰ ক্ষেত্ৰত । ভাৰত চৰকাৰে দেশৰ দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ লোক সকলৰ বাবে আগবঢ়োৱা এই আঁচনি সমূহৰ বিতৰণৰ ক্ষেত্ৰত যিসকল চৰকাৰী কৰ্মচাৰী আৰু সুলভ মূল্যৰ এজেন্টে প্ৰকৃত কৃষক তথা দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ লোকক বঞ্চিত কৰি হিতাধীকাৰী বাচনিৰ ক্ষেত্ৰত খেলিমেলি কৰিছে তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব।

প্ৰকৃত কৃষক আৰু দুখীয়া দৰিদ্ৰ লোকসকলে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ’লে হিতাধিকাৰী বাচনি কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত কোনো এৰা-ধৰা কৰা নহ’ব।

এই লৈ জিলাসমূহৰ উপায়ুক্তসকলৰ লগত আলোচনা কৰা হৈছে বুলিও কয়।

তেওঁ কয় যে আমি এতিয়াও এই মহামাৰী কৰোণা ভাইৰাছৰ পৰা সংকটমুক্ত হোৱা নাই।

যিকোনো মুহূৰ্ততে গ্ৰীণ জ’নৰ পৰা ৰেড জ’ন হ’ব পাৰে। ইয়াৰ বাবে আমি সকলোৱে সাৱধানতা অৱলম্বন কৰিব লাগিব।

আনহাতে আজি বিয়লি মাজবাটৰ বাহিপুখুৰী চাহ বাগিচাত সাংসদ দিলীপ শইকীয়াই ৩০০ দুখীয়া শ্ৰমিকৰ মাজত সাহায্য বিতৰণ কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here