সাংবাদিক মনোজ ডেকাই সতীৰ্থ সাংবাদিকৰ মাজত বিতৰণ কৰিলে খাদ্য সামগ্ৰী

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ৮ মেঃ বিশ্বত সন্ত্ৰাস সৃষ্টিকাৰী ক’ৰ’ণা ভাইৰাছে বিশ্ববাসীক আতংকিত কৰাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশত প্ৰযোজ্য হৈ আছে তিনি তৰপীয়া লকডাউন৷

ইয়াৰ বাবে সাধাৰণ শ্ৰমজীৱী লোকৰ নিচিনাকৈ একাংশ সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিকসকলৰ পানীত হাঁহ নচৰাৰ লেখীয়া অৱস্থা হৈছে৷

সেইবাবে সতীৰ্থ সাংবাদিকসকলক সামন্য সহায় কৰাৰ উদ্দেশ্যৰে প্ৰাগজ্যোতিষ অসমৰ সাংবাদিক মনোজ ডেকাই আগবাঢ়ি আহিছে৷

আজি মহানগৰীৰ আমবাৰীত প্ৰায় ২০গৰাকী বিভিন্ন সংবাদ পত্ৰৰ সাংবাদিকক ৫কিলোগ্ৰাম চাউল, ১ কিলোগ্ৰাম দাইল, এপেকেট নিমখ ইয়াৰ উপৰিও মাস্ক, ছেনিটাইজাৰ বিতৰণ কৰে ডেকাই৷

ইয়াৰ সমান্তৰালভাৱে বিৰুবাৰী স্হিত শিশু সাৰথি নামৰ শিক্ষা প্ৰতিষ্ঠানখনৰ অতি দৰিদ্ৰ শিক্ষাৰ্থীৰ ২০ টা পৰিয়ালৰ মাজত সাংবাদিক মনোজ ডেকাই এনেদৰে সামগ্ৰী বিতৰণ কৰে৷

উল্লেখ্য যে মনোজ ডেকাৰ এনেকুৱা পদক্ষেপক সঁচাকৈয়ে আদৰণীয় পদক্ষেপ বুলি শিক্ষা প্ৰতিষ্ঠানখনৰ অধ্যক্ষগৰাকীয়ে উল্লেখ কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here