প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা,৮ মেঃ নগাঁও জিলাৰ শালনা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত অসম গৃহৰক্ষী বাহিনীৰ এজন জোৱান ৭ মে’ৰ সন্ধিয়া সাত বজাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয়।
নিহত গৃহৰক্ষী বাহিনীৰ জোৱানজনৰ ঘৰ মৰিগাঁও জিলাৰ হালধিঅটিৰ লাৰুধন বৰদলৈ(৩৮)।
জানিব পৰা মতে, পুৰণা শালনা চাহ বাগিচাত ৭ মে’ৰ পুৱাৰে পৰা সাতটা হাতীৰ জাক এটাই অৱস্থান কৰি আছিল।আজি আবেলি পাঁচ বজাত শালনা ৰেঞ্জৰ বন কৰ্মচাৰী দল এটাৰ লগত গৃহৰক্ষী লাৰুধন বৰদলৈও হাতী খেদিবলৈ গৈছিল।
হাতী খেদি থাকোতে জাকৰ পৰা ফালৰি কাটি অহা বন্যহস্তীয়ে গৃহৰক্ষী জোৱান জনক উৰ্পযুপৰি চাহ বাগিচাৰ মাজতে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে।
পাছত বন ৰক্ষীৰ দলটোৱে গুলিচালনা কৰি হাতীৰ জাকটো খেদি পঠাই আহত লাৰুধন বৰদলৈক উদ্ধাৰ কৰি নগাঁৱলৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও নিশা সাত বাজি ৩০ মিনিটত গৃহৰক্ষী জোৱানজনৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় বুলি বন বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়ে।