প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মা,৮ মেঃ ৭ মে’ত সতী ৰাধিকাৰ দিৱস। শংকৰী যুগতেই জাতিবাদ আৰু অস্পৃশ্যতাবাদৰ বিৰুদ্ধে থিয় দিবলৈ সক্ষম হৈছিল অসমৰ কৈৱৰ্ত্ত কূলত জন্মগ্ৰহণ কৰা এগৰাকী নাৰী, যাক জগতগুৰু শংকৰদেৱে সতী হিচাপে স্বীকৃতি দি গৈছে।
সতী ৰাধিকা হ’ল সংস্কাৰমুখী অসমীয়া সমাজখনৰ বাবে এক আদৰ্শ। সতী ৰাধিকাই এক আলৌকিকতাৰে নিজা গুণ আৰু কৰ্মৰ জৰিয়তে সমগ্ৰ অসমৰ ধৰ্মীয় সমাজখনক এক উচিত শিক্ষা দি গৈছিল।
সেইগৰাকী মহীয়সী নাৰীকে স্মৰণ কৰি আজি সতী ৰাধিকা দিৱসত সদৌ শিৱসাগৰ জিলা অনুসূচীত জাতি ছাত্ৰ সন্থাই শিৱসাগৰ জিলাৰ নামদাংস্থিত সতী ৰাধিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত দেশত অব্যাহত থকা লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি বন্তি প্ৰজ্বলন কৰি সতী ৰাধিকা দিৱসটি অনুষ্টুপীয়াকৈ পালন কৰে।
সামাজিক দূৰত্ব বজাই ৰাখি উদ্যাপন কৰা এই কাৰ্য্যসূচীত উপস্থিত থাকে সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পৰশ জ্যোতি দাসৰ লগতে শিৱসাগৰ জিলা সমিতিৰ সভাপতি মতিক্য প্ৰসাদ দাস, সাধাৰণ সম্পাদক মৃদুল দাস আৰু উপ-সভাপতি বিদ্যুৎ দাস।
সন্থাৰ জিলা সভাপতি মতিক্য প্ৰসাদ দাসে বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাইজক সাৱধান আৰু সতৰ্ক হ’বলৈ আহ্বান জনায়৷
উল্লেখযোগ্য যে সতী ৰাধিকা দিৱসৰ দিনা সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাই সমগ্ৰ অসমবাসী ৰাইজক নিজা বাসগৃহতে বন্তি প্ৰজ্বলন কৰি এইবাৰৰ সতী ৰাধিকা দিৱস পালন কৰাৰ আহ্বান জনাইছিল।
এই সন্দৰ্ভত কেন্দ্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে আজি অনুসূচীত জাতি ছাত্ৰ সন্থাৰ সমূহ জিলা সমিতি, সমূহ আঞ্চলিক সমিতি, সমূহ মহকুমা সমিতি আৰু সমূহ শাখা সমিতিৰ প্ৰতিজন বিষয়ববীয়াই নিজ নিজ বাসগৃহত বন্তি প্ৰজ্বলন কৰি সতী ৰাধিকাক স্মৰণ কৰিছে।
ইয়াৰোপৰি সন্থাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনোৱা অসমৰ প্ৰতিগৰাকী ব্যক্তিলৈ সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছে।