প্ৰাগজ্যোতিষ বাৰ্তা,মাজবাটৰ পৰা যতীন নাথ, ৯ মেঃ মাজবাটৰ বাপুজী প্ৰকল্প প্ৰাংগণত আজি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬০ সংখ্যক জন্ম জয়ন্তী অনুষ্টুপীয়াকৈ উদযাপন কৰা হয়।
মাজবাট আঞ্চলিক বেংগলী ফেডাৰেচনৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত পোন্ধৰজন ব্যক্তিৰ উপস্থিতিত ৰাতিপুৱা ৯-৩০ বজাত পতাকা উত্তোলন আৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ প্ৰতিকৃতিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি অনুষ্টুপীয়াকৈ উদযাপন কৰা হয়।
পতাকা উত্তোলন কৰে মাজবাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ধৃতিমান দাসে।
কবিগুৰুৰ প্ৰতিকৃতিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে উদযাপন সমিতিৰ উপ-সভাপতি তুলেন তালুকদাৰে।
ইয়াৰ পিচতে মাজবাট আঞ্চলিক বেংগলী ফেডাৰেচনৰ মহিলা গোটৰ সভানেত্ৰী বান্তি দে , সম্পাদিকা মৌচুমী বাসুবল, উপদেষ্টা অদিতি ৰয় আৰু ফেডাৰেচনৰ কৰ্মকৰ্তা সকলে মাজবাটৰ জ্যেষ্ঠ সাংবাদিক তথা মাজবাট সাংবাদিক সন্থাৰ সভাপতি মুনীন্দ্ৰ কলিতা আৰু সম্পাদক যতীন নাথৰ লগতে মাজবাটৰ চিত্ৰ শিল্পী ৰঞ্জন জোৱাদ্দাৰ আৰু লকডাউনৰ সময়ত মাজবাট নগৰত কৰ্তব্যৰত আৰক্ষী আৰু মাজবাট প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ চিকিৎসক- নাৰ্ছ আৰু কৰ্মচাৰীসকলক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই।