ধৰ্ষণকাৰীক হাতে-লোটে ধৰিলে স্থানীয় ৰাইজে

প্ৰাগজ্যোতিষ বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ২৮মেঃ বিশেষভাৱে সক্ষম এগৰাকী ১৩ বছৰীয়া নাবালিকাক ১৩ মে’ত নগাঁও জিলাৰ চামগুৰিৰ মহংবস্তীত এটা লম্পটে ধৰ্ষণ কৰা ঘটনাই অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

জানিব পৰা মতে, নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত গেন্ধালীৰ মহংবস্তী গাঁৱৰ এখন চাহ বাগানৰ মাজত মাধৱ বৰা নামৰ লম্পট টেম্পু চালকজনে উক্ত ঘৃণণীয় কাৰ্য সংঘটিত কৰে৷

বিশেষ ভাৱে সক্ষম ১৩ বছৰীয়া যুৱতীগৰাকী পুৰণিগুদাম কাষৰি গাঁৱৰ এক অভিজাত্ পৰিয়ালত বনকৰা যুৱতী হিচাপে আছিল৷

মালিকৰ অত্যাচাৰত অতীস্থ হৈ কিশোৰীগৰাকীয়ে তেজপুৰৰ নিজা ঘৰলৈ বুলি ঘুৰি যাবলৈ চেষ্টা কৰাৰ সময়তে পুৰণিগুদাম কলংপাৰ গাঁৱৰ মাধৱ বৰা নামৰ যুৱকজনে লগ পায়।

পাছত যুৱকজনে এ.এছ ০২-এ.চি. ৮৪০৭ নম্বাৰৰ টেম্পুখনত কাষৰি গাঁৱৰ পৰা কিশোৰী গৰাকীক উঠাই নি উক্ত দুষ্কাৰ্য সংঘটিত কৰে৷

অৱশ্যে গেন্ধালী মহংবস্তি গাঁৱৰ এখন চাহ বাগানৰ মাজত স্থানীয় ৰাইজে হাতে-লোটে আটক কৰে৷ পৰৱৰ্তী সময়ত আৰক্ষীক উক্ত ঘটনা সন্দৰ্ভত খৱৰ দিয়াত চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত স্থানীয় ৰাইজে ধৰ্ষণকাৰী যুৱকজনক আৰক্ষীক চমজাই দিয়ে৷

আৰক্ষীয়ে নাবালিকাগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে ধৰ্ষণকাৰী যুৱকজনক জেল হাজোতলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here