চামগুৰি চাপানালাত দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ

প্ৰাগজ্যোতিষ বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ২৮মেঃ নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্ত্তী চাপানালাৰ জীয়াজুৰি চাহ বাগিচাৰ ১নং লাইনৰ সমীপৰ পাহাৰৰ ডাঠ হাবিৰ পৰা ওলাই অহা এটি দুষ্প্ৰাপ্য লাজুকী বান্দৰ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সম্প্ৰতি অঞ্চলটোৰ ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ উৎকণ্ঠাৰ।

এজাক কুকুৰে খেদি ফুৰা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰা লাজুকী বান্দৰটোৰ বিষয়ে খবৰ পোৱাৰ মাত্ৰকে ততাতৈয়াকৈ ঠাইখনত উপস্থিতহৈ দুষ্প্ৰাপ্য বন্যপ্ৰাণীটো উদ্ধাৰ কৰে চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰায়ে।

উদ্ধাৰ কৰাৰ সময়ত দুষ্প্ৰাপ্য প্ৰাণীটোৰ মূৰ আৰু আগ ঠেং আঘাতপ্ৰাপ্ত হৈ থকাৰ বাবে দুলু বৰায়ে নিজৰ ঘৰতে দুদিন ধৰি শুশ্ৰুষা তথা প্ৰাৰ্থমিক চিকিৎসা প্ৰদান কৰাত ক্ৰমশঃ সুস্থহৈ পৰে লাজুকী বান্দৰটো।

১৪ মে’ত চাপানালা খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ বন বিষয়া আৰু বহুকেইজন বনকৰ্মীৰ উপস্থিতত দুষ্প্ৰাপ্য লাজুকী বান্দৰটো মুকলি কৰি দিয়ে নিকটৱৰ্ত্তী চোৱাং সংৰক্ষিত বনাঞ্চলত।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি কাৰ্বি পাহাৰৰ অভ্যন্তৰত চলি থকা ব্যাপক বন ধ্বংস যজ্ঞৰ বাবে খাদ্যৰ সন্ধানত তথা সুৰক্ষিত ঠাই বিচাৰি জনাঞ্চলৰ দিশে দুষ্প্ৰাপ্য লাজুকী বান্দৰটোৰ দৰে বন্যপ্ৰাণীসমূহ ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে “মুখ্যমন্ত্ৰীৰ সামূহিক কৰ্ম বঁটা-২০১৯” প্ৰাপক প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰায়ে।

উল্লেখ্য যে, দুলু বৰাই বিগত সময়তো প্ৰায় ১৭ টাকৈ দুষ্প্ৰাপ্য লাজুকী বান্দৰ জনাঞ্চলৰ পৰা উদ্ধাৰ কৰি চোৰাং সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিছিল বুলি জানিব পৰা গৈছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here