প্ৰাগজ্যোতিষ বাৰ্তা, চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ২৮ মেঃ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, কৰ’না ভাইৰাছ সংক্ৰমণৰ যুঁজখন দীঘলীয়া সময়ৰ বাবে হ’ব। সেয়ে আমি এই সংক্ৰমণৰ লগত সহাৱস্থান কৰিব লাগিব।
আমি এই সংক্ৰমণ প্ৰতিৰোধৰ বাবে সামাজিক আৰু শাৰীৰিক দূৰত্ব বজাই ৰাখিব লাগিব। তদুপৰি এই দীঘলীয়া যুজঁখনত মাস্ক ব্যৱহাৰৰ লগতে হাত ধোৱা অভ্যাসত পৰিণত কৰিব লাগিব।
এই দুৰ্যোগৰ সময়ত মহিলাসকলকো স্বাৱলম্বী কৰাৰ প্ৰচেষ্টা হাতত লৈছো। সেয়ে আজিৰ পৰা চামগুৰি সমষ্টিৰ বাজিয়াগাঁও ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত মাস্ক তৈয়াৰ কৰিবৰ বাবে একাংশ মহিলাক প্ৰশিক্ষণ দি স্বাৱলম্বী কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে।
প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনে বাজিয়াগাঁও ব্লক কংগ্ৰেছ কাৰ্যলয়ত মহিলা সৱলীকৰণৰ এক অনুষ্ঠানৰ শুভাৰম্ভণী কৰে।
বাজিয়াগাঁও উন্নয়ন খণ্ডৰ অধীনৰ ১২ টা গাঁও পঞ্চায়তৰ মহিলাৰ মাজত গামোচা, গেঞ্জী আৰু চেলেং কাপোৰেৰে এই মাস্ক নিৰ্মাণৰ প্ৰশিক্ষণ দিয়ে নগাঁও মহিলা কংগ্ৰেছৰ সভানেত্ৰী ৰূপালী শইকীয়াই।
বাজিয়াগাঁৱৰ পাছতে লাওখোৱা উন্নয়ন খণ্ডৰ অধীনস্থ ১১ টা পঞ্চায়তত পৰ্যায় ক্ৰমে মাস্ক নিৰ্মাণৰ প্ৰশিক্ষণ দিয়াৰো প্ৰস্তুতি চলোৱা হৈছে বুলি চামগুৰি সমষ্টিৰ বিধায়ক হুছেইনে ব্যক্ত কৰে।